2 ৰাজা 23:20ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019মঠবোৰৰ সকলো পুৰোহিতকে যোচিয়াই সেই বেদীবোৰৰ ওপৰত বধ কৰিলে আৰু সেইবোৰৰ ওপৰত মানুহৰ হাড়বোৰ পুৰিলে। তাৰ পাছত তেওঁ যিৰূচালেমলৈ ঘূৰি গ’ল। অধ্যায়টো চাওক |
তেনে ভাববাদী বা সপোন দেখা লোকক প্ৰাণদণ্ড দিয়া হ’ব; কিয়নো আপোনালোকৰ ঈশ্বৰ যিহোৱা, যিজনে মিচৰ দেশৰ পৰা আপোনালোকক উলিয়াই আনিলে আৰু বন্দীত্বৰ গৃহৰ পৰা আপোনালোকক মুক্ত কৰিলে, তেওঁৰেই বিৰুদ্ধে সেই লোকে উচটনি দিছে; আপোনালোকৰ ঈশ্বৰ যিহোৱাই যি পথত চলিবলৈ আপোনালোকক আজ্ঞা দিছে, তেওঁ সেই পথৰ পৰা আপোনালোকক এফলীয়া কৰিবলৈ চেষ্টা কৰিছে; সেয়ে আপোনালোকৰ মাজৰ পৰা তেনে দুষ্টতাক লোপ কৰিব।