2 ৰাজা 23:15ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019ইস্রায়েলক পাপ কার্যত লিপ্ত কৰোঁৱা নবাটৰ পুত্র যাৰবিয়ামে বৈৎএলত যি বেদী আৰু ওখ ঠাইৰ মঠ নির্মাণ কৰিছিল, তাক যোচিয়াই ভাঙি পেলালে। তেওঁ মঠৰ বেদী জুইৰে পুৰি তাক মাৰি মাৰি গুড়া কৰি পেলালে। আচেৰা মুৰ্ত্তিটোও জুইৰে পুৰিলে। অধ্যায়টো চাওক |
ৰজাই তেতিয়া যিহোৱাৰ মন্দিৰৰ পৰা বাল দেৱতা আৰু আচেৰা, আকাশৰ সকলো তৰাবোৰৰ সেৱা-পূজাৰ কাৰণে সজা পাত্ৰবোৰ বাহিৰ কৰিবৰ কাৰণে প্রধান পুৰোহিত হিল্কিয়াক, তেওঁৰ অধীনত থকা আন আন পুৰোহিতসকলক আৰু দ্বাৰ-ৰক্ষকসকলক আদেশ দিলে। তেওঁ সেইবোৰ যিৰূচালেমৰ বাহিৰত কিদ্ৰোণ উপত্যকাৰ মুকলি ঠাইত পুৰি দিলে আৰু ছাঁইবোৰ বৈৎএললৈ লৈ গ’ল।