Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



2 ৰাজা 21:2

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

যিহোৱাই ইস্ৰায়েলীয়াসকলৰ সন্মুখৰ পৰা যি সকলো জাতিক দূৰ কৰিছিল, তেওঁলোকৰ দৰেই ঘিণলগীয়া কাৰ্য কৰি মনচিয়ে যিহোৱাৰ দৃষ্টিত যি বেয়া তাকে কৰিছিল।

অধ্যায়টো চাওক কপি কৰক

20 পৰস্পৰ সংযোগসমূহ  

যিহোৱাৰ দৃষ্টিত যি বেয়া, তেওঁ তাকেই কৰিছিল, যদিও ইস্রায়েলৰ আগৰ ৰজাসকলে কৰাৰ দৰে তেওঁ নাছিল।

“যিহূদাৰ ৰজা মনচিয়ে এনেবোৰ ঘিণলগীয়া কৰ্ম কৰিছে। তেওঁৰ পূৰ্বতে যি ইমোৰীয়া লোকসকল আছিল, তেওঁলোকতকৈও তেওঁ অধিক কুকৰ্ম কৰিছে আৰু নিজৰ মূর্তি বোৰৰ দ্বাৰাই যিহূদাক পাপৰ পথত পৰিচালিত কৰাইছে।”

তাৰ বাহিৰেও ইমূৰৰ পৰা সিমূৰলৈকে যিৰূচালেম মৃতকৰ তেজেৰে পূর্ণ নকৰামানলৈকে মনচিয়ে নিৰ্দ্দোষী লোকসকলৰ ৰক্তপাত কৰিলে। যিহূদাৰ লোকসকলৰ দ্বাৰাই তেওঁ কৰোঁৱা পাপ কার্যৰ উপৰি তেওঁ এনে পাপ কৰি যিহোৱাৰ দৃষ্টিত যি বেয়া তাকে কৰিছিল।

আমোনে তেওঁৰ পিতৃয়ে কৰাৰ দৰেই যিহোৱাৰ দৃষ্টিত যি বেয়া তাকেই কৰিছিল।

তেওঁৰ পিতৃয়ে যি পথত চলিছিল, তেৱোঁ সেই সকলো পথত চলিছিল। তেওঁৰ পিতৃয়ে যি সকলো মূর্তিৰ সেৱা-পূজা কৰিছিল, তেৱোঁ সেইবোৰৰ সেৱা-পূজা কৰিছিল। সেইবোৰৰ ওচৰত শিৰ নত কৰিছিল।

তেওঁ যি আচেৰা মূর্তি খোদাই কৰি নির্মাণ কৰিছিল, সেইটো নি যিহোৱাৰ গৃহত স্থাপন কৰিছিল। যিহোৱাই তেওঁৰ গৃহৰ সম্বন্ধে দায়ুদ আৰু দায়ুদৰ পুত্ৰ চলোমনক কৈছিল, “এই গৃহত আৰু ইস্ৰায়েলৰ সকলো ফৈদৰ মাজৰ পৰা মই মনোনীত কৰা এই যিৰূচালেমত মই মোৰ নাম চিৰকাললৈকে স্থাপন কৰিম।

কাৰণ তেওঁলোকে মোক ত্যাগ কৰি আন দেৱ-দেৱীৰ উদ্দেশ্যে ধূপ জ্বলালে আৰু তেওঁলোকৰ সকলো কৰ্মৰ দ্বাৰাই মোক ক্রোধিত কৰিলে। সেয়ে এই ঠাইৰ বিৰুদ্ধে মোৰ ক্ৰোধ প্ৰজ্বলিত হ’ব আৰু তাক নুমুৱা নহ’ব’।”

যিহোৱাহজে তেওঁৰ পূর্বপুৰুষসকলৰ দৰে যিহোৱাৰ দৃষ্টিত যি বেয়া তাকে কৰিলে।

যিহোৱাখীনে তেওঁৰ পিতৃৰ দৰেই যিহোৱাৰ দৃষ্টিত যি বেয়া তাকে কৰিছিল।

বিশেষকৈ পুৰোহিতসকলৰ মাজৰ প্ৰধান লোকসকলে আৰু প্ৰজাসকলে জাতিবোৰৰ আটাই ঘিণলগা কাৰ্যৰ দৰে অনেক সত্যলঙ্ঘন কৰিলে৷ আৰু যিহোৱাই যিৰূচালেমত যি গৃহ পবিত্ৰ কৰিছিল, তাক তেওঁলোকে অশুচি কৰিলে।

যুদ্ধৰ অস্ত্ৰ-শস্ত্রতকৈ প্রজ্ঞা উত্তম; কিন্তু এজন পাপীয়ে অনেক ভাল কার্য নষ্ট কৰে।

সেই একে দৰে, মই তেওঁলোকৰ দণ্ড মনোনীত কৰিম, আৰু তেওঁলোকে যিহকে ভয় কৰে, তাকেই তেওঁলোকলৈ ঘটাম; কাৰণ মই যেতিয়া মাতিলোঁ, তেওঁলোক কোনেও উত্তৰ নিদিলে, আৰু মই যেতিয়া কলোঁ, তেওঁলোকে নুশুনিলে; মোৰ দৃষ্টিত যি বেয়া, তাকেই তেওঁলোকে কৰিলে, আৰু যিহত মোৰ সন্তোষ নাই, তাকেই তেওঁলোকে বাচি ল’লে।

আৰু হিষ্কিয়াৰ পুত্ৰ যিহূদাৰ ৰজা মনচিয়ে যিৰূচালেমত কৰা কাৰ্যৰ কাৰণে, পৃথিৱীৰ আটাই ৰাজ্যৰ মাজত মই তেওঁলোকক ত্ৰাসৰ বিষয় কৰিম।

তেতিয়া তোমালোকে জানিবা যে, মইয়ে যিহোৱা। মোৰ আজ্ঞা তোমালোকে লঙ্ঘন কৰিছিলা। তোমালোকে মোৰ পথ অনুসৰণ কৰা নাই। বৰং তোমালোকৰ চাৰিওফালে থকা জাতিবোৰৰ শাসন প্ৰণালী অনুসাৰে তোমালোকে কাৰ্য কৰি আছা।”

চমৰিয়াই তোমাৰ পাপৰ আধাও কৰা নাই; কিন্তু তুমি তেওঁলোকতকৈ তোমাৰ ঘিণলগীয়া কাৰ্য অধিক বৃদ্ধি কৰিলা আৰু তুমি কৰা তোমাৰ আটাই ঘিণলগীয়া কাৰ্যৰ দ্বাৰাই তোমাৰ বায়েৰা-ভনীয়েৰাক ধাৰ্মিক পাতিলা।

আৰু তুমি ক’ব লাগিব, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: ই কেনেকুৱা নগৰী যে, নিজৰ সময় আহিবৰ কাৰণে নিজৰ মাজত ৰক্তপাত কৰে আৰু নিজকে অশুচি কৰিবলৈ নিজৰ কাৰণে প্রতিমাবোৰ নিৰ্ম্মাণ কৰে।

আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আৰাধনা তেওঁলোকে কৰাৰ দৰে নকৰিব। কিয়নো তেওঁলোকে তেওঁলোকৰ দেৱতাবোৰৰ উদ্দেশ্যে যি ঘিণলগীয়া কার্য কৰে, সেই সকলোবোৰ যিহোৱাই ঘিণ কৰে; এনেকি, তেওঁলোকে তেওঁলোকৰ দেৱতাবোৰৰ উদ্দেশ্যে নিজৰ ল’ৰা-ছোৱালীবোৰক জুইত পুৰি উৎসর্গ কৰে।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন