Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



2 ৰাজা 18:16

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

তাৰ পাছত যিহূদাৰ ৰজা হিষ্কিয়াই যিহোৱাৰ মন্দিৰৰ দুৱাৰ আৰু স্তম্ভবোৰৰ পৰা সোণৰ পতাবোৰ এৰুৱাই সেইবোৰ অচূৰৰ ৰজাক দি দিলে।

অধ্যায়টো চাওক কপি কৰক

7 পৰস্পৰ সংযোগসমূহ  

তেতিয়া যিহূদাৰ ৰজা যোৱাচে তেওঁৰ পিতৃ আৰু পূর্বপুৰুষসকলে অর্থাৎ যিহূদাৰ পূর্বৰ ৰজা যিহোচাফট, যিহোৰাম আৰু অহজিয়াই দিয়া যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ কৰা আৰু নিজৰো সকলো পবিত্র বস্তুবোৰ অৰামৰ ৰজা হজায়েলৰ ওচৰলৈ পঠাই দিলে। তাৰ লগতে, যিহোৱাৰ গৃহ আৰু ৰাজগৃহৰ ভঁৰালবোৰত থকা সকলো সোণও পঠাই দিলে। হজায়েলে তেতিয়া যিৰূচালেম এৰি গুচি গ’ল।

যোৱাচৰ অন্যান্য সকলো কার্যৰ বৃত্তান্ত “যিহূদাৰ ৰজাসকলৰ ইতিহাস” নামৰ পুস্তকখনত জানো লিখা নাই?

সেয়ে, ৰজা হিষ্কিয়াই যিহোৱাৰ গৃহ আৰু ৰাজভঁৰালত যিমান ৰূপ আছিল, সকলোবোৰ তেওঁক দিলে।

তথাপিও, অচূৰৰ ৰজাই লাখীচৰ পৰা তৰ্তন, ৰবচাৰীচ, আৰু ৰবচাকিক বহু সৈন্যসামন্তৰে সৈতে যিৰূচালেমলৈ হিষ্কিয়া ৰজাৰ ওচৰলৈ পঠালে। তেওঁলোকে যাত্ৰা কৰি আহি যিৰূচালেমৰ ওচৰ পাই ওখ ঠাইৰ পুখুৰীৰ পানী বৈ অহা নলাৰ ফালে আগবাঢ়ি গৈ ঘাইপথৰ ধোবাসকলৰ পথাৰৰ কাষত থিয় হ’ল।

তেওঁৰ ৰাজত্বৰ প্ৰথম বছৰৰ প্ৰথম মাহত তেওঁ যিহোৱাৰ গৃহৰ দুৱাৰবোৰ মেলি সেইবোৰ মেৰামতি কৰিছিল।

হিষ্কিয়াই এই বস্তুবোৰৰ দ্বাৰাই সন্তুষ্ট হ’ল; তেওঁ বাৰ্ত্তাবাহকক তেওঁৰ গোদামত থকা বহুমূল্য বস্তুবোৰ দেখুৱালে- ৰূপ, সোণ, মছলাবোৰ, বহুমূলীয়া তেল, আৰু তেওঁৰ অস্ত্ৰ শস্ত্রৰ গোদাম, তেওঁৰ গোদামত থকা সকলো বস্তু দেখুৱালে। হিষ্কিয়াৰ ঘৰত, বা তেওঁৰ গোটেই ৰাজ্যত তেওঁ তেওঁলোকক নেদেখুউৱা কোনো বস্তু নাছিল।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন