কিন্তু তোমালোকৰ ঈশ্বৰ যিহোৱাকেই তোমালোকে উপাসনা কৰিবা; তাতে তেৱেঁই তোমালোকক তোমালোকৰ সকলো শত্ৰুৰ শক্তিৰ পৰা উদ্ধাৰ কৰিব।”
কিন্তু যিহোৱাই, যি জনে মহা-পৰাক্ৰমেৰে আৰু মেলা বাহুৰে মিচৰ দেশৰ পৰা তোমালোকক উলিয়াই আনিলে, তোমালোকে সেই যিহোৱাৰেই উপাসনা কৰিবা; তেওঁকেই প্ৰণিপাত কৰিবা আৰু তেওঁৰেই উদ্দেশ্যে বলি উৎসর্গ কৰিবা।
মই তোমালোকে সৈতে কৰা নিয়মটি তোমালোকে নাপাহৰিবা আৰু আন দেৱতাবোৰৰ উপাসনা নকৰিবা।
তথাপিও তেওঁলোকে সেই কথালৈ কাণ নিদিলে; তেওঁলোকে পূর্বে যিদৰে কৰিছিল, সেই অনুসাৰেই চলি থাকিল।
যি সকলে তেওঁলোকক দুখ দিছিল সেই শত্রুবোৰৰ হাতত আপুনি তেওঁলোকক শোধাই দিলে। তেওঁলোকৰ দুখৰ সময়ত তেওঁলোকে আপোনাৰ আগত কাতৰোক্তি কৰিলে। আপোনাৰ মহান অনুগ্রহৰ কাৰণে স্বৰ্গৰ পৰা তেওঁলোকৰ কাতৰোক্তি শুনি তেওঁলোকৰ শত্রুৰ হাতৰ পৰা বহু বাৰ তেওঁলোকক উদ্ধাৰ কৰিলে।
হে জাতিবোৰৰ মহাৰাজ, তোমাক কোনে ভয় নকৰিব? কিয়নো সেয়ে তোমাৰে বাবে উপযুক্ত, কাৰণ জাতিবোৰৰ সকলো জ্ঞানী লোকৰ মাজত আৰু তেওঁলোকৰ সকলো ৰাজ্যৰ মাজত তোমাৰ তুল্য কোনো নাই।
যি সকলে কেৱল শৰীৰকহে বধ কৰে, কিন্তু আত্মাক বধ কৰিব নোৱাৰে, তেওঁলোকলৈ ভয় নকৰিবা; কিন্তু যি জনে আত্মা আৰু শৰীৰ, এই দুয়োকো নৰকত নষ্ট কৰিব পাৰে, তেওঁকেহে ভয় কৰিবা।
যি সকলে তেওঁলৈ ভয় কৰে, পুৰুষে পুৰুষে তেওঁলোকৰ ওপৰত তেওঁৰ দয়া থাকে।
তেওঁ শত্রু সকলৰ হাতৰ পৰা আৰু যি সকলে আমাক ঘৃণা কৰে, সেই সকলোৰে হাতৰ পৰা আমাক ৰক্ষা কৰাৰ প্রতিশ্রুতি দিলে।
তোমালোকে কেৱল যিহোৱালৈ ভয় ৰাখা আৰু সত্যতাৰে সকলো হৃদয়েৰে তেওঁৰ আৰাধনা কৰা; আৰু তেওঁ তোমালোকৰ অৰ্থে কৰা মহৎ কর্মৰ কথা বিবেচনা কৰা।
চমূৱেলে ইস্ৰায়েলৰ আটাই বংশক ক’লে, “তোমালোকে যদি তোমালোকৰ সকলো চিত্তেৰে যিহোৱালৈ উভটি আহা, আৰু তোমালোকৰ মাজৰ পৰা ভিন্ন দেশীয় দেৱতাবোৰ আৰু অষ্টাৰেৎ দেৱীবোৰ দূৰ কৰা আৰু যিহোৱালৈ নিজৰ মন পৰিবৰ্তন কৰি যদি কেৱল তেওঁৰেই সেৱা কৰা; তেনেহলে তেওঁ পলেষ্টীয়াসকলৰ হাতৰ পৰা তোমালোকক উদ্ধাৰ কৰিব।”