2 ৰাজা 17:23ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019এইদৰে যিহোৱাই তেওঁৰ সকলো দাস অর্থাৎ ভাববাদীসকলৰ যোগেদি দিয়া সাৱধান বাণী অনুসাৰে নিজৰ সন্মুখৰ পৰা ইস্রায়েলক দূৰ কৰিলে। এইকাৰণেই ইস্রায়েলৰ লোকসকলক তেওঁলোকৰ নিজৰ দেশৰ পৰা অচূৰ দেশলৈ নিয়া হ’ল। আজিলৈকে তেওঁলোক সেই ঠাইতে আছে। অধ্যায়টো চাওক |
যিহোৱাই তেওঁৰ সকলো ভাববাদী আৰু দৰ্শকসকলৰ মাধ্যমেদি ইস্ৰায়েল আৰু যিহূদা দেশক এই বুলি সাৱধান কৰি দিছিল, “তোমালোক সকলো কু-পথৰ পৰা ঘূৰা; মোৰ সকলো আজ্ঞা আৰু বিধি-বিধান অনুসাৰে চলা। মোৰ দাস ভাৱবাদীসকলক পঠাই তেওঁলোকৰ দ্বাৰাই মই যি সকলো বিধি-বিধান তোমালোকৰ পূর্বপুৰুষসকলক দিছিলোঁ, সেই সকলো বিধান যত্নেৰে পালন কৰা।”