2 ৰাজা 16:10ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019পাছত ৰজা আহজে অচূৰৰ ৰজা তিগ্লৎ-পিলেচক সাক্ষাৎ কৰিবলৈ দম্মেচকলৈ গ’ল; তেওঁ দম্মেচকত এটা যজ্ঞবেদী দেখি তাৰ নক্সা, নমুনাৰ লগতে সেইটো তৈয়াৰ কৰাৰ সম্পূর্ণ পৰিকল্পনা ঊৰিয়া পুৰোহিতৰ ওচৰলৈ পঠাই দিলে। অধ্যায়টো চাওক |
আৰু তেওঁলোকে কৰা আটাই কাৰ্যৰ কাৰণে যদি তেওঁলোক লজ্জিত হয়, তেন্তে তেওঁলোকে গৃহটিৰ সমূদায় আকৃতি আৰু তাৰ আটাই নিয়ম প্ৰণালী ৰক্ষা কৰি সেই মতে যেন কাৰ্য কৰে, এই অভিপ্ৰায়ে গৃহটিৰ আকাৰ, তাৰ গঠন, ভিতৰলৈ বাহিৰলৈ অহা যোৱা কৰা তাৰ বাটবোৰ, তাৰ সকলো প্ৰকাৰ আকাৰ আৰু তাৰ আটাই ব্যৱস্থা তেওঁলোকক জনোৱা আৰু তেওঁলোকৰ আগতে লিখা।