ইস্রায়েলৰ ৰজা যিহোৱাহজৰ পুত্ৰ যিহোৱাচৰ মৃত্যুৰ পাছত যিহূদাৰ ৰজা যোৱাচৰ পুত্ৰ অমচিয়াই আৰু পোন্ধৰ বছৰ জীয়াই থাকিল।
যিহূদাৰ ৰজা যোৱাচৰ ৰজাৰ ৰাজত্বৰ সাতত্ৰিশ বছৰৰ সময়ত যিহোৱাহজৰ পুত্ৰ যিহোৱাচ চমৰিয়াত ইস্ৰায়েলৰ ৰজা হ’ল। তেওঁ ষোল্ল বছৰ ৰাজত্ব কৰিছিল।
পাছত যিহোৱাচ তেওঁৰ পূর্বপুৰুষসকলৰ লগত নিদ্ৰিত হ’ল আৰু চমৰিয়াত ইস্ৰায়েলৰ ৰজাসকলৰ লগত তেওঁক মৈদাম দিয়া হ’ল; তেওঁৰ পুত্ৰ যাৰবিয়াম তেওঁৰ পদত ৰজা হ’ল।
অমচিয়াৰ অন্যান্য বৃত্তান্ত জানো যিহূদাৰ “ৰজাসকলৰ ইতিহাস-পুস্তক” খনত লিখা নাই?
যিহূদাৰ ৰজা যোৱাচৰ পুত্ৰ অমচিয়াৰ ৰাজত্বৰ পোন্ধৰ বছৰৰ সময়ত ইস্ৰায়েলৰ ৰজা যিহোৱাচৰ পুত্ৰ যাৰবিয়ামে চমৰিয়াত ৰজা হ’ল আৰু তেওঁ একচল্লিশ বছৰ ৰাজত্ব কৰিলে।
ইস্ৰায়েলৰ ৰজা যাৰবিয়ামৰ ৰাজত্ব কালৰ সাতাইশ বছৰত যিহূদাৰ ৰজা অমচিয়াৰ পুত্ৰ অজৰিয়া ৰজা হ’ল।