Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



2 ৰাজা 14:11

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

কিন্তু অমচিয়াই সেই কথালৈ কাণ নিদিলে। সেয়ে, ইস্ৰায়েলৰ ৰজা যিহোৱাচে তেওঁক আক্রমণ কৰিলে; তেওঁ আৰু যিহূদাৰ ৰজা অমচিয়াই যিহূদাৰ বৈৎচেমচত ইজনে সিজনৰ মুখা-মুখি হ’ল।

অধ্যায়টো চাওক কপি কৰক

8 পৰস্পৰ সংযোগসমূহ  

যোৱাচৰ অন্যান্য সকলো কর্ম আৰু যি পৰাক্রমেৰে তেওঁ যিহূদাৰ ৰজা অমচিয়াৰ সৈতে যুদ্ধ কৰিছিল, সেই সকলো বৃত্তান্ত “ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস” পুস্তকখনত জানো লিখা নাই?

ভাববাদীজনে ৰজাক সেই কথা কৈ থকাত, ৰজাই তেওঁক ক’লে, “আমি জানো তোমাক ৰাজ মন্ত্ৰী পাতিলোঁ? মনে মনে থাকা; তোমাৰ কিয় মৰিবলৈ মন?” তেতিয়া সেই ভাববাদীয়ে ক্ষান্ত হৈ ক’লে, “মই জানো যে ঈশ্বৰে তোমাক বিনষ্ট কৰিবলৈ থিৰ কৰিছে, সেই বাবে তুমি এই কাম কৰিলা আৰু মোৰ পৰামৰ্শ নুশুনিলা৷”

কিন্তু অমচিয়াই এই কথা নুশুনিলে কাৰণ ঈশ্বৰৰ পৰা এই ঘটনা হ’ল। কিয়নো লোকসকলে ইদোমীয়া দেৱতাবোৰক বিচাৰ কৰিছিল, সেই বাবে তেওঁলোকক নিজ শত্ৰুৰ হাতত তেওঁ শোধাই দিলে৷

পাছত সেই সীমা বালাৰ পৰা চেয়ীৰ পৰ্ব্বতলৈকে ঘূৰি, যিয়াৰীম পৰ্ব্বতৰ উত্তৰ ফালে অৰ্থাৎ কচালোনলৈকে গ’ল আৰু তললৈ নামি আহি বৈৎচেমচ হৈ তিম্নাৰ কাষেৰে গ’ল৷

আৰু তাত যিৰোণ, মিগ্‌দল-এল, হৰেম, বৈৎ-অনাৎ আৰু বৈৎ-চেমচ৷ তাত ঊনৈশখন নগৰ অাছিল। তেওঁলোকৰ গাওঁবোৰ গণনা কৰা হোৱা নাছিল৷

চৰণীয়া ঠায়েৰে সৈতে ঐন, চৰণীয়া ঠায়েৰে সৈতে যুত্তা আৰু চৰণীয়া ঠায়েৰে সৈতে বৈৎচেমচ, সেই দুই ফৈদৰ পৰা এই ন খন নগৰ পালে।

তথাপি যিপ্তহে কৈ পঠোৱা এই সকলো বার্তাক অম্মোনীয়াসকলৰ ৰজাই অগ্রাহ্য কৰিলে।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন