Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



2 ৰাজা 13:14

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

পাছত ইলীচা অসুস্থ হৈ পৰিল আৰু সেই অসুখতেই তেওঁৰ মৃত্যু হৈছিল। ইস্রায়েলৰ ৰজা যিহোৱাচ তেওঁৰ ওচৰলৈ গৈ কান্দি কান্দি ক’লে, “হে মোৰ পিতৃ, হে মোৰ পিতৃ, ইস্ৰায়েলৰ ৰথ আৰু অশ্বাৰোহীসকলে আপোনাক লৈ যাব!”

অধ্যায়টো চাওক কপি কৰক

19 পৰস্পৰ সংযোগসমূহ  

এইবোৰ ঘটনা ঘটি যোৱাৰ পাছত কোনো এজনে আহি যোচেফক ক’লে, “চোৱা, তোমাৰ পিতৃ নৰিয়াত পৰিছে।” সেয়ে তেওঁ তেওঁৰ দুজন পুত্ৰ, মনচি আৰু ইফ্ৰয়িমক লগত লৈ পিতৃৰ ওচৰলৈ গ’ল।

এইদৰে যাকোবে তেওঁৰ পুত্ৰসকলক আজ্ঞা দিয়াৰ পাছত, ভৰি দুখন শয্যাৰ ওপৰত কোঁচ খুৱাই ল’লে আৰু শেষ নিশ্বাস ত্যাগ কৰিলে। পাছত তেওঁৰ লোকসকলৰ ওচৰলৈ তেওঁক নিয়া হ’ল।

তেতিয়া যোচেফে তেওঁৰ বাপেকৰ মুখৰ ওপৰত মুখ দি পৰিল, আৰু কান্দি কান্দি তেওঁক চুমা খালে।

যোৱাচৰ অন্যান্য সকলো কর্ম আৰু যি পৰাক্রমেৰে তেওঁ যিহূদাৰ ৰজা অমচিয়াৰ সৈতে যুদ্ধ কৰিছিল, সেই সকলো বৃত্তান্ত “ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস” পুস্তকখনত জানো লিখা নাই?

পাছত যোৱাচ তেওঁৰ ওপৰ পিতৃসকলৰ লগত নিদ্ৰিত হ’ল আৰু যাৰবিয়াম তেওঁৰ সিংহাসনত বহিল; যোৱাচক ইস্ৰায়েলৰ ৰজাসকলৰ লগত চমৰিয়াত মৈদাম দিয়া হ’ল।

তেতিয়া ইলীচাই তেওঁক ক’লে, “আপুনি মোৰ বাবে এখন ধনু আৰু কিছুমান কাঁড় লৈ আহঁক।” ৰজাই তেতিয়া এখন ধনু আৰু কিছুমান কাঁড় আনিলে।

ইলীচাই তাকে দেখি চিঞঁৰি উঠিল, “মোৰ পিতৃ, হে মোৰ পিতৃ, ইস্ৰায়েলৰ ৰথ আৰু অশ্বাৰোহীসকল!” তাৰ পিছত ইলীচাই এলিয়াক পুনৰ দেখা নাপালে। তেতিয়া তেওঁ নিজৰ কাপোৰ ধৰি ফালি দুডোখৰ কৰিলে।

এই সময়তে হিষ্কিয়া ৰজা অসুস্থ হৈছিল আৰু তেওঁৰ মৃতপ্রায় অৱস্থা হৈছিল। সেয়ে এদিন আমোচৰ পুত্ৰ যিচয়া ভাববাদীয়ে তেওঁৰ ওচৰলৈ আহি ক’লে, “যিহোৱাই এই কথা কৈছে, ‘তুমি তোমাৰ ঘৰৰ বিষয়ে পৰামর্শ দিয়া; কিয়নো তোমাৰ মৃত্যু হ’ব; তুমি জীয়াই নাথাকিবা।”

অৰামীয়াসকলক দেখা পাই ইস্ৰায়েলৰ ৰজাই ইলীচাক সুধিলে, “হে মোৰ পিতৃ, মই তেওঁলোকক বধ কৰিম নে? মই মাৰিম নে?”

হে যিহোৱা সহায় কৰা; তোমাৰ ভক্তসকল নোহোৱা হ’ল; বিশ্বাসীসকল মনুষ্যৰ মাজৰ পৰা অদৃশ্য হৈ গ’ল।

ঈশ্বৰক সন্তুষ্ট কৰা লোকসকলৰ আশীৰ্ব্বাদৰ দ্বাৰাই নগৰৰ উন্নতি হয়; কিন্তু দুষ্টলোকৰ মুখৰ দ্বাৰাই নগৰ উচ্ছন্ন হয়।

ধাৰ্মিক লোক ধ্বংস হৈছে, কিন্তু ইয়াক কোনেও বিবেচনা নকৰে; আৰু বিশ্ৱাসযোগ্য চুক্তিৰ লোকসকল আঁতৰি যায়, কিন্তু কোনেও নুবুজে। সেয়ে ধার্ম্মিকসকল পাপৰ পৰা আতৰি যায়।

তেতিয়া যদিও নোহ, দানিয়েল আৰু ইয়োব, এই তিনিজন লোক সেই ঠাইৰ মাজত থাকিলেও, তেওঁলোকে নিজ নিজ ধাৰ্মিকতাৰ দ্বাৰাই কেৱল নিজ নিজ প্ৰাণহে ৰক্ষা কৰিব পাৰিব,” এয়ে প্ৰভু যিহোৱাৰ বচন।

আৰু মই দেশ নষ্ট নকৰিবৰ কাৰণে, চাৰিওফালে গড় নিৰ্ম্মাণ কৰিব পৰা আৰু দেশৰ অৰ্থে মোৰ আগত গড় ভঙা বাটত থিয় হ’ব পৰা এনে এজন মানুহ তেওঁলোকৰ মাজত বিচাৰিলোঁ, কিন্তু মই কাকো নাপালোঁ।

“তোমালোকৰ পূৰ্বপুৰুষসকল ক’ত? আৰু ভাববাদীসকল চিৰকাললৈকে জীয়াই আছে নে?

কিয়নো হেৰোদে যোহনক ভয় কৰিছিল আৰু জানিছিল যে, যোহন এজন ধাৰ্মিক আৰু পবিত্র লোক৷ সেয়েহে হেৰোদে তেওঁক নিৰাপদে ৰাখিবলৈ যত্ন কৰিছিল৷ যেতিয়া তেওঁ যোহনৰ শিক্ষা শুনিছিল, তেতিয়া সেই শিক্ষাই তেওঁক বিচলিত কৰিছিল আৰু আনন্দেৰে তেওঁৰ কথা শুনিছিল।

সেয়ে লাজাৰৰ বায়েক ভনীয়েক দুজনীয়ে যীচুলৈ এই কথা কৈ পঠিয়ালে, “প্ৰভু, চাওকহি, আপুনি যাক প্ৰেম কৰে, তেওঁ নৰিয়াত পৰি আছে।”

কিয়নো দায়ুদে ঈশ্বৰৰ ইচ্ছাৰ দৰে সেৱা কৰি, তেওঁৰ সময়ত মানুহবোৰৰ উপকাৰ সাধন কৰিলে আৰু মহা-নিদ্ৰা গ’ল, আৰু তেওঁক পিতৃপুৰুষ সকলৰ সৈতে মৈদামত থোৱা হোৱাত ক্ষয় পালে,

কিয়নো তেখেত নৰিয়াত পৰা বাৰ্তা আপোনালোকে শুনিলে, তেওঁ আপোনালোকৰ কাৰণে অতিশয় হাবিয়াহ কৰিছিল আৰু তেওঁ বৰ উদিগ্ন হৈছিল।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন