পাছত যেহূ বাহিৰ হৈ চমৰিয়াৰ ফালে যাবলৈ ধৰিলে। বাটত তেওঁ মেৰ-ছাগ ৰখীয়াৰ গাওঁ বৈৎ-একদৰ ওচৰ পালে।
এইদৰে যেহূৱে যিজ্ৰিয়েলত থকা আহাবৰ বংশৰ সকলো অৱশিষ্ট লোকক, অৰ্থাৎ তেওঁৰ সকলো প্ৰধান লোকক, তেওঁৰ প্ৰণয়ৰ বন্ধুসকল আৰু তেওঁৰ পুৰোহিতসকলক বধ কৰিলে। তেওঁলোকৰ আৰু কোনোৱেই জীয়াই নাথাকিল।
সেই ঠাইতে যিহূদাৰ ৰজা অহজিয়াৰ কেইজনমান ভায়েকৰ লগত যেহূৰ সাক্ষাৎ হ’ল; তেওঁ তেওঁলোকক সুধিলে, “আপোনালোক কোন হয়?” তেওঁলোকে ক’লে, “আমি অহজিয়াৰ ভায়েক; আমি ৰাণী ঈজেবলৰ সন্তান সকলক আৰু ৰাজপৰিয়ালৰ সকলোকে মঙ্গলবাদ কৰিবলৈ আহিছোঁ।”
তেতিয়া যেহূৱে তেওঁৰ লোক সকলক আজ্ঞা দি’লে, “এওঁলোকক জীয়াই জীয়াই ধৰা।” লোকসকলে তেওঁলোকক জীৱন্তে ধৰিলে আৰু বৈৎ-একদৰ নাদত তেওঁলোকক বধ কৰিলে। তেওঁলোক সংখ্যাত বিয়াল্লিশ জন আছিল। তেওঁলোকৰ মাজৰ এজনকো জীয়াই নাৰাখিলে।
পাছত যেহূৱে যি সময়ত আহাবৰ বংশৰ ওপৰত ঈশ্বৰৰ দণ্ড সাধিছিল, সেই সময়ত তেওঁ যিহূদাৰ অধ্যক্ষসকলক আৰু অহজিয়াৰ পৰিচৰ্যা কৰোঁতা তেওঁৰ ভায়েকসকলৰ পুত্ৰসকলক পাই বধ কৰিছিল।