Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



2 বংশা 9:16

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

আৰু সোণ পিটাই তিনিশ ঢাল যুগুত কৰিলে৷ তাৰ প্ৰত্যেক ঢালত তিনিশ চেকল সোণ খৰচ হৈছিল; ৰজাই সেইবোৰ লিবানোনৰ কাঠনিৰ গৃহত ৰাখিলে।

অধ্যায়টো চাওক কপি কৰক

5 পৰস্পৰ সংযোগসমূহ  

তেওঁ যিহোৱাৰ গৃহত আৰু ৰাজগৃহত সাঁচি থোৱা বস্তুবোৰ লৈ গ’ল; তেওঁ সকলো বস্তুৱে লৈ গ’ল আৰু চলোমনে সজা সোণৰ ঢালবোৰো তেওঁ লৈ গ’ল।

তেওঁ লিবানোনৰ কাঠনিৰ পৰা অনা কাঠেৰে গৃহ সাজিছিল। সেই গৃহ দীঘে এশ হাত, বহলে পঞ্চাশ হাত আৰু উচ্চতাত ত্ৰিশ হাত আছিল৷ সেই গৃহ এৰচ কাঠৰ চতি লগোৱা চাৰি শাৰী এৰচ কাঠৰ চৌকাঠৰ ওপৰতে নিৰ্মাণ কৰিছিল।

পাছত মিচৰৰ ৰজা চীচকে যিৰূচালেমৰ বিৰুদ্ধে আহিল আৰু যিহোৱাৰ গৃহৰ লগতে ৰাজ গৃহত সাঁচি থোৱা বস্তুবোৰ লৈ গ’ল৷ তেওঁ সকলোকে নিলে আৰু চলোমনে সজোৱা সোণৰ ঢালবোৰো লৈ গ’ল।

আৰু চলোমন ৰজাই সোণ পিটাই দুশ ঢাল কৰিলে৷ সোণ পিটাই কৰা প্ৰত্যেক ঢালত ছশ চেকল সোণ খৰচ হৈছিল৷

ইয়াৰ বাহিৰে ৰজাই হাতী-দাঁতৰ এখন ডাঙৰ সিংহাসন সজাই তাৰ ওপৰত শুদ্ধ সোণৰ পতা মাৰিলে।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন