Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



2 বংশা 6:22

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

কোনোৱে নিজৰ চুবুৰীয়াৰ অহিতে পাপ কৰিলে যদি তেওঁক শপত খাবলৈ দিয়া হয় আৰু তেওঁ আহি এই গৃহত আপোনাৰ যজ্ঞবেদীৰ আগত শপত খায়,

অধ্যায়টো চাওক কপি কৰক

8 পৰস্পৰ সংযোগসমূহ  

আৰু যেতিয়া আপোনাৰ দাস ও আপোনাৰ প্ৰজা ইস্ৰায়েলে এই ঠাইৰ ফাললৈ মুখ কৰি প্ৰাৰ্থনা কৰিব, তেতিয়া আপুনি তেওঁলোকৰ প্ৰার্থনা যেন শুনে; এনে কি, আপুনি আপোনাৰ বাসস্থান স্বৰ্গৰ পৰা তাক শুনক আৰু শুনি ক্ষমা কৰক।

তেতিয়া আপুনি স্বৰ্গৰ পৰা সেই বিষয়ে শুনক আৰু কাৰ্য কৰি আপোনাৰ দাসবোৰৰ বিচাৰ নিষ্পত্তি কৰি দোষীক দণ্ড দি তেওঁৰ কৰ্মৰ ফল তেওঁৰ মুৰত দিয়ক আৰু নিৰ্দ্দোষীক নিৰ্দ্দোষী কৰি তেওঁৰ ধাৰ্মিকতাৰ ফল তেওঁক দিয়ক।

তেনেহ’লে মই চুবুৰীয়াৰ বস্তুত হাত দিয়া নাই, এই বুলি এজনে আন জনৰ আগত যিহোৱাৰ নামেৰে শপত খাব। পশুৰ গৰাকীয়ে সেই শপতত মান্তি হ’ব লাগিব; আৰু আন জনে তাৰ বাবে ক্ষতিপূৰণ দিব নালাগিব।

কাৰণ মোৰ যদি অতিৰিক্ত থাকে, তেনেহ’লে মই তোমাক অস্বীকাৰ কৰিম আৰু ক’ম, “যিহোৱা নো কোন?” বা মই যদি দৰিদ্ৰ হওঁ আৰু চুৰ কৰোঁ, তেনেহ’লে মোৰ ঈশ্বৰৰ নাম মই অপবিত্র কৰিম।

যদি কোনো এজন লোকে কোনো এক বিষয়ৰ কথা শুনি বা দেখি, সেই বিষয়ে সাক্ষ্য দিব পৰা হৈয়ো তাক প্ৰকাশ নকৰি পাপ কৰে, তেন্তে তেওঁ নিজ অপৰাধৰ ফল ভোগ কৰিব।

আপোনালোকে কয় যে, বেদিত ধৰি শপত খালে, একো নহয়; কিন্তু যি জনে তাৰ ওপৰৰ নৈবেদ্যত ধৰি শপত খায়, তেওঁহে ধৰুৱা।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন