Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



2 বংশা 4:3

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

পাত্ৰখনৰ কানৰ তলৰ প্ৰত্যেক হাত জোখৰ ভিতৰত, দহোটাকৈ ষাঁড়গৰুৰ আকৃতি আছিল৷ পাত্ৰটো ঢলা সময়ত সেই গৰুৰ আকৃতিবোৰ দুশাৰীকৈ সাঁচত ঢলা হৈছিল।

অধ্যায়টো চাওক কপি কৰক

8 পৰস্পৰ সংযোগসমূহ  

তেওঁ সমুদ্ৰ-পাত্ৰটো সাঁচত ঢালি তাক সাজিলে৷ সেই পাত্ৰটো ঘূৰণীয়া আছিল৷ তাৰ এখন কাণৰ পৰা আনখনলৈ দশ হাত বহল আছিল৷ তাৰ উচ্চতা পাঁচ হাত আৰু তাৰ পৰিধি বা ঘেৰ ত্ৰিশ হাত আছিল৷

আৰু সেই সমুদ্ৰ-পাত্ৰটো বাৰটা গৰুৰ ওপৰত ৰখা হ’ল, সেইবোৰৰ তিনিটাই উত্তৰলৈ, তিনিটাই পশ্চিমলৈ, তিনিটাই দক্ষিণলৈ আৰু তিনিটাই পূৱলৈ মুখ কৰি আছিল৷ সেই সমুদ্ৰ-পাত্ৰটো সেইবোৰৰ ওপৰত বহুউৱা হ’ল আৰু সেইবোৰৰ পাছফাল ভিতৰফালে আছিল।

তেওঁলোকৰ মুখমণ্ডলৰ আকৃতি এজন মানুহৰ নিচিনা, তেওঁলোকৰ সোঁফালৰ মুখমণ্ডল সিংহৰ মুখ আৰু বাওঁফালৰ চাৰিওজনৰ মুখমণ্ডল ষাঁড়-গৰুৰ মুখৰ দৰে আৰু শেষতে প্রতিজনৰে ঈগল পক্ষীৰ দৰে মুখমণ্ডল আছিল।

প্ৰতিজনৰ চাৰিখন চাৰিখন মুখ; প্ৰথমখন কৰূবৰ, দ্বিতীয়খন মানুহৰ, তৃতীয়খন সিংহৰ আৰু চতুৰ্থখন কুৰৰ পক্ষীৰ মুখ।

তোমালোকৰ আটাই যুদ্ধাৰু লোকে নগৰখনৰ চাৰিওকাষে এবাৰ কুচকাৱাজ কৰি প্ৰদক্ষিণ কৰিবা৷ এইদৰে তুমি ছদিন কৰিবা।

প্ৰথম প্ৰাণী সিংহৰ নিচিনা, দ্বিতীয় প্ৰাণী দামুৰিৰ নিচিনা, তৃতীয় প্ৰাণী মানুহৰ নিচিনা মুখ থকা আৰু চতুৰ্থ প্ৰাণী উড়ি ফুৰা ঈগল পক্ষীৰ নিচিনা আছিল।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন