কিয়নো সমাজৰ মাজত নিজকে শুচি নকৰা অনেক লোক আছিল; এই হেতুকে যিহোৱাৰ উদ্দেশ্যে বলি পবিত্ৰ কৰিবৰ অৰ্থে, অশুচি লোকসকলৰ বাবে নিস্তাৰ-পৰ্ব্বৰ বলি দিয়া কামত লেবীয়াসকল দায়িত্বত আছিল।
কিন্তু পুৰোহিতসকল তাকৰ হোৱা বাবে, তেওঁলোকে আটাইবোৰ হোম-বলিৰ ছাল বখলিয়াবলৈ অসমৰ্থক হ’ল; এই বাবে সেই কাম নোহোৱালৈকে, আন পুৰোহিতসকলে নিজক পবিত্ৰ নকৰিলে। পাছত তেওঁলোকৰ লেবীয়া ভাইসকলে তেওঁলোকক সহায় কৰিলে; কিয়নো নিজক পবিত্ৰ কৰা কথাত পুৰোহিতসকলতকৈ লেবীয়াসকলৰ মন অধিক সৰল আছিল।
তোমালোকে এই মাহৰ চৌদ্ধ দিনলৈকে তাক ৰাখিবা; তাৰ পাছত সমবেত ইস্ৰায়েলী সকলো লোকে গধূলি পৰত তাক বধ কৰিবা।
তেওঁলোকে গৃহটিৰ দুৱাৰ ৰখীয়া আৰু গৃহটি পৰিচৰ্যা কৰি মোৰ ধৰ্মধামত পৰিচাৰক হ’ব; তেওঁলোকেই হোম-বলি আৰু প্ৰজাসকলৰ অৰ্থে দিয়া বলি কাটিব আৰু প্ৰজাসকলৰ পৰিচৰ্যা কৰিবলৈ তেওঁলোকেই তেওঁলোকৰ আগত থিয় হ’ব।
সেই লোকসকলে তেওঁক ক’লে, “আমি মানুহৰ শৱ চুই অশুচি হলোঁ; ইস্ৰায়েলৰ সন্তান সকলৰ মাজত নিৰূপিত সময়ত যিহোৱাৰ উদ্দেশ্যে উপহাৰ উৎসৰ্গ কৰিবলৈ আমি কিয় বঞ্চিত হ’ম?”
ইহুদী সকলৰ নিস্তাৰ-পৰ্বৰ দিন ওচৰ চাপি আহিছিল আৰু দেশৰ বহুলোকে পর্বৰ আগেয়ে নিজকে শুচি কৰিবৰ কাৰণে যিৰূচালেমলৈ গ’ল।