2 বংশা 29:8ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019এই কাৰণে যিহূদা আৰু যিৰূচালেমৰ ওপৰত যিহোৱাৰ ক্ৰোধ আহিছে আৰু আপোনালোকে নিজ চকুৰে এতিয়া দেখাৰ দৰে, ত্ৰাসৰ বিষয়, আচৰিত আৰু ঘৃণাৰ বিষয় হ’বলৈ তেওঁ তেওঁলোকক শোধাই দিলে। অধ্যায়টো চাওক |
“তোমালোকে গৈ মোৰ আৰু ইস্ৰায়েল আৰু যিহূদাৰ মাজত অৱশিষ্ট থকা লোকসকলৰ বাবে পোৱা এই পুস্তকখনৰ বাক্যৰ বিষয়ে যিহোৱাৰ মোৰ বাবে থকা তেওঁৰ কি ইচ্ছা সেই বিষয়ে সোধাগৈ; কিয়নো আমাৰ ওপৰত যিহোৱাই বৰষোৱা ক্ৰোধ অতিশয় ডাঙৰ; কাৰণ ওপৰ-পিতৃসকলে এই পুস্তকত লিখা কোনো বাক্য অনুসাৰে কাম কৰিবৰ অৰ্থে যিহোৱাৰ বাক্য পালন নকৰিলে।”
চোৱা, মই মানুহ পঠাই উত্তৰ দিশত থকা আটাই গোষ্ঠীক আনিম, ইয়াক যিহোৱা কৈছে: মই মোৰ দাস বাবিলৰ ৰজা নবূখদনেচৰৰ ওচৰলৈ মানুহ পঠাই, এই দেশৰ, ইয়াৰ নিবাসীসকলৰ, আৰু চাৰিওফালে থকা এই আটাইবোৰ জাতিৰ বিৰুদ্ধে তেওঁলোকক আনিম; আৰু মই তেওঁলোকক নিঃশেষে বিনষ্ট কৰিম, আৰু মই এওঁলোকক আচৰিতৰ ও ইচ্ ইচ্ কৰাৰ বিষয় আৰু এওঁলোকৰ ঠাই চিৰকলীয়া ধ্বংসস্থান কৰিম।