উজ্জিয়াই যিৰূচালেমৰ চুকৰ দুৱাৰ, উপত্যকাৰ দুৱাৰ আৰু গড়ৰ চুকত থকা দুর্গ বোৰ সাজিছিল, আৰু সেইবোৰ সুৰক্ষিত কৰিছিল।
ইস্ৰায়েলৰ ৰজা যিহোৱাচে বৈৎচেমচত যিহূদাৰ ৰজা অমচিয়াক বন্দী কৰি যিৰূচালেমলৈ লৈ আহিল। অমচিয়া যোৱাচৰ পুত্র আৰু অহজিয়াৰ নাতি আছিল। তাৰ পাছত ৰজা যিহোৱাচে যিৰূচালেমলৈ আহি ইফ্ৰয়িমৰ দুৱাৰৰ পৰা কোণৰ দুৱাৰ পর্যন্ত প্ৰায় চাৰিশ হাত দীঘল যিৰূচালেমৰ প্রাচীৰ ভাঙি পেলালে।
পাছত ইস্ৰায়েলৰ ৰজা যোৱাচে যিহোৱাহজৰ নাতি যোৱাচৰ পুত্ৰ যিহূদাৰ ৰজা অমচিয়াক বৈৎচেমচত ধৰি বন্দী কৰিলে। পাছত তেওঁক যিৰূচালেমলৈ লৈ আহিল আৰু তেতিয়া ইফ্ৰয়িমৰ দুৱাৰৰ পৰা চুকৰ দুৱাৰলৈকে যিৰূচালেমৰ গড়ৰ চাৰিশ হাত ভাঙি পেলালে।
মই ৰাতিতে উপত্যকাৰ দুৱাৰেদি বাহিৰ ওলাই গৈ, যিৰূচালেমৰ ভগা দেৱাল আৰু জুয়ে পোৰা দুৱাৰবোৰ পৰীক্ষণ কৰি নাগ নাদ আৰু গোবৰ-দুৱাৰলৈকে গ’লোঁ।
সেয়ে মই ৰাতি উপত্যকায়েদি ওপৰলৈ উঠি গৈ দেৱাল চালোঁ, আৰু উপত্যকাৰ দুৱাৰেদি সোমাই মই উভতি আহিলোঁ।
হানুন আৰু জানোহৰ নিবাসীসকলে উপত্যকাৰ দুৱাৰ মেৰামতি কৰিলে। তেওঁলোকে তাক সাজি, তাত দুৱাৰ লগালে, আৰু দুৱাৰত শলখা ও ডাং লগালে। তেওঁলোকে গোবৰ-দুৱাৰলৈকে এক হাজাৰ হাত মেৰামতি কৰিলে।
তেওঁৰ পাছত হেনাদদৰ পুত্ৰ বিন্নুয়ে অজৰিয়াৰ ঘৰৰ পৰা আলমলৈকে এটা অংশ মেৰামতি কৰিলে।
চুকৰফালে থকা ওপৰৰ কোঁঠা আৰু মেৰ-ছাগদুৱাৰৰ মাজৰ অংশ সোণাৰী আৰু বণিকসকলে মেৰামতি কৰিলে।
যিহোৱাই এই কথা কৈছে - “চোৱা, এনে কোনো দিন আহি আছে” - যি দিনা মোৰ উদ্দেশ্যে হননেলৰ কোঁঠৰ পৰা চুকৰ দুৱাৰলৈকে নগৰখন সজা হ’ব,
গেবাৰে পৰা তাৰ মাজত দক্ষিণফালে থকা ৰিম্মোনলৈকে গোটেই দেশ পৰিবৰ্ত্তন হৈ অৰাবা যেন হ’ব আৰু নগৰখন বিন্যামীনৰ দুৱাৰৰ পৰা প্ৰথম দুৱাৰৰ ঠাইলৈকে, চুকৰ দুৱাৰলৈকে আৰু হননেলৰ ওখ কোঁঠৰ পৰা ৰজাৰ দ্ৰাক্ষাকুণ্ডলৈকে ওখ হৈ নিজ ঠাইত স্থাপিত হ’ব।