পিতৃ-বংশৰ প্ৰধান পৰাক্ৰমী বীৰসকলৰ সংখ্যা সৰ্বমুঠ দুই হাজাৰ ছশ লোক আছিল।
অবিয়াই যুদ্ধাৰু বীৰ পুৰুষ থকা সৈন্য সামন্তৰ চাৰি লাখ মনোনীত লোক লগত লৈ যুদ্ধ কৰিবলৈ গ’ল৷ যাৰবিয়ামে আঠ লাখ মনোনীত বলৱান বীৰপুৰুষ লগত লৈ তেওঁৰ বিৰুদ্ধে বেহু পাতিলে।
উজ্জিয়াৰ যুদ্ধ কৰোঁতা সৈন্যসামন্তও আছিল। তেওঁলোকে ৰজাৰ সেনাপতি হননিয়াৰ অধীনত আছিল। যিয়ীয়েল লিখক আৰু মাচেয়া শাসনকৰ্ত্তাৰ হতুৱাই লিখা সংখ্যা অনুসাৰে তেওঁলোকে দল বান্ধি যুদ্ধ যাত্ৰা কৰিছিল।
তেওঁলোকৰ অধীনত শত্ৰুৰ বিৰুদ্ধে ৰজাৰ সহায় কৰিবৰ অৰ্থে, পৰাক্ৰমেৰে যুদ্ধ কৰোঁতা তিনি লাখ সাত হাজাৰ পাঁচশ লোক আছিল।
ৰজা অৰ্তক্ষত্ৰ ৰাজত্বৰ সময়ত মোৰ সৈতে বাবিল ত্যাগ কৰি যোৱা লোকসকল এওঁলোক। এওঁলোক তেওঁলোকৰ পূৰ্বপুৰুষসকলৰ পৰিয়াল সমূহৰ মূখ্য লোক আছিল।