Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



2 বংশা 25:10

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

তেতিয়া অমচিয়াই ইফ্ৰয়িমৰ পৰা তেওঁৰ ওচৰলৈ অহা সেই সৈন্যদলক নিজ নিজ ঘৰলৈ যাবৰ বাবে পৃথক কৰি দিছিল৷ তেতিয়া যিহূদাৰ বিৰুদ্ধে তেওঁলোকৰ ক্ৰোধ জ্বলি উঠিল আৰু তেওঁলোকে অতি ক্ৰুদ্ধ হৈ নিজ নিজ ঠাইলৈ ঘূৰি গৈছিল।

অধ্যায়টো চাওক কপি কৰক

5 পৰস্পৰ সংযোগসমূহ  

পাছে ইস্ৰায়েল লোকসকলে যিহূদাৰ লোকসকলক উত্তৰ দি ক’লে, “ৰজাৰ লগত আমাৰ সম্বন্ধত দহ ভাগ ফৈদ আছে, গতিকে দায়ূদত তোমালোকতকৈ আমাৰো ততোধিক স্বত্ব আছে৷ এই হেতুকে আমাক কিয় হেয়জ্ঞান কৰিলাহঁক? আৰু আমাৰ ৰজাক ওভোটাই অনাৰ কথা জানো প্ৰথমে আমি কোৱা নাছিলো?” এতিয়া ইস্ৰায়েল লোকসকলৰ কথাতকৈ যিহূদাৰ লোকসকলৰ কথাবোৰ বৰ কৰ্কশহে হৈ উঠিল।

‘যিহোৱাই এই কথা কৈছে: তোমালোকে নিজ নিজ ভাই ইস্ৰায়েল সন্তান সকলক আক্ৰমণ আৰু তেওঁলোকৰ বিৰুদ্ধে যুদ্ধ নকৰিবা; প্ৰতিজন নিজ নিজ ঘৰলৈ ঘূৰি যোৱা, কিয়নো মোৰ দ্বাৰাইহে এই কাৰ্য হৈছে’।” তেতিয়া লোকসকলে যিহোৱাৰ সেই বাক্য শুনি, তেওঁৰ বাক্য অনুসাৰে নিজ নিজ বাটেদি ঘূৰি গুচি গ’ল।

তাৰ পাছত অমচিয়া সাহসিয়াল হ’ল, আৰু তেওঁৰ নেতৃত্বত তেওঁৰ লোকসকলক লৱণ উপত্যকালৈ উলিয়াই লৈ গ’ল; তাতে তেওঁ চেয়ীৰৰ সন্তান সকলৰ দহ হাজাৰ লোকক পৰাস্ত কৰিছিল।

তেতিয়া অমচিয়াই ঈশ্বৰৰ সেই লোকজনক ক’লে, “কিন্তু সেই ইস্ৰায়েলীয়া সৈন্যদলক মই যি এশ কিক্কৰ ৰূপ দিলোঁ তাৰ বাবে আমি কি কৰিম?” ঈশ্বৰৰ লোকজনে ক’লে, “যিহোৱাই আপোনাক তাতকৈয়ো অধিক দিব পাৰে।”

ক্রোধি লোকে বিবাদ সৃষ্টি কৰে, আৰু ক্ৰোধেৰে পৰিচালিত লোকে অধিক পাপ কৰে।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন