তেওঁ সকলো লোকক গৃহৰ সোঁ কাষৰ পৰা বাওঁ কাষলৈকে যজ্ঞবেদীৰ আৰু গৃহৰ মাজ ঠাইত ৰজাৰ চাৰিওফালে ৰাখিলে; তেওঁলোকৰ প্ৰতিজনৰ হাতত অস্ত্ৰ আছিল।
ৰক্ষক-সেনাবোৰৰ প্রত্যেকেই ৰজাৰ চাৰিওফালে হাতত নিজৰ অস্ত্র লৈ মন্দিৰৰ সোঁ ফালৰ পৰা বাওঁ ফাললৈকে যজ্ঞবেদীৰ কাষে কাষে থিয় হৈ থাকিল।
তাৰ পাছত তেওঁলোকে ৰাজকোঁৱৰক বাহিৰলৈ উলিয়াই আনি, তেওঁৰ মূৰত কিৰীটি আৰু হাতত সাক্ষ্যপুস্তক দি তেওঁক ৰজা পাতিলে আৰু যিহোয়াদা ও তেওঁৰ পুত্ৰসকলে তেওঁক অভিষেক কৰিলে৷ তেতিয়া সকলোৱে ক’লে, “ৰজা চিৰজীৱি হওঁক।”
তাৰ পাছত দায়ুদ ৰজাৰ যি যি বৰচা, ঢাল আৰু বাৰূ ঈশ্বৰৰ গৃহত আছিল, যিহোয়াদা পুৰোহিতে সেইবোৰ শতপতিসকলক দিলে।
পাছত চলোমনে ইস্ৰায়েলৰ গোটেই সমাজৰ সাক্ষাতে যিহোৱাৰ যজ্ঞবেদীৰ আগত থিয় হ’ল আৰু তেওঁ হাত দুখন মেলিলে৷
সাক্ষাৎ কৰা তম্বুৰ আবাসৰ দুৱাৰৰ সন্মুখত হোমবেদি ৰাখিবা।
সিহঁতে ইটোৱে সিটোৱে ঠেলাঠেলি নকৰে; প্ৰতিজনে নিজ নিজ পথত যাত্ৰা কৰে; সিহঁতে নিৰাপত্তা ব্যৱস্থাত বলপূৰ্বক প্ৰবেশ কৰে, আৰু সিহঁতে পৰিলেও যাত্ৰাপথৰ পৰা বাহিৰ নহয়।