Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



2 বংশা 22:7

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

কিন্তু অহজিয়াই যোৰামৰ ওচৰলৈ যোৱাৰ কাৰণে ঈশ্বৰৰ পৰা তেওঁলৈ বিনাশ আহিল; কিয়নো তেওঁ যেতিয়া আহিছিল, তেতিয়া তেওঁ আৰু যিহোৰামে নিমচীৰ পুত্ৰ যেহূক আক্রমণ কৰিবলৈ ওলাই আহিছিল। কিয়নো যেহূক আহাবৰ বংশ উচ্ছন্ন কৰিবৰ বাবে যিহোৱাই অভিষেক কৰিছিল।

অধ্যায়টো চাওক কপি কৰক

18 পৰস্পৰ সংযোগসমূহ  

এইদৰে ৰজাই লোকসকলৰ কথালৈ কাণ নিদিলে, কিয়নো চীলোনীয়া অহীয়াৰ মুখেৰে নবাটৰ পুত্ৰ যাৰবিয়ামক যিহোৱাই কোৱা নিজ বাক্য সিদ্ধ কৰিবৰ অৰ্থে যিহোৱাৰ পৰা এই ঘটনা হ’ল।

‘যিহোৱাই এই কথা কৈছে: তোমালোকে নিজ নিজ ভাই ইস্ৰায়েল সন্তান সকলক আক্ৰমণ আৰু তেওঁলোকৰ বিৰুদ্ধে যুদ্ধ নকৰিবা; প্ৰতিজন নিজ নিজ ঘৰলৈ ঘূৰি যোৱা, কিয়নো মোৰ দ্বাৰাইহে এই কাৰ্য হৈছে’।” তেতিয়া লোকসকলে যিহোৱাৰ সেই বাক্য শুনি, তেওঁৰ বাক্য অনুসাৰে নিজ নিজ বাটেদি ঘূৰি গুচি গ’ল।

আৰু ইস্ৰায়েলৰ ওপৰত ৰজা হ’বলৈ নিমচীৰ পুত্ৰ যেহূক অভিষেক কৰিবা, আৰু তোমাৰ পদত ভাববাদী হ’বলৈ আবেল-মহোলাত থকা চাফটৰ পুত্ৰ ইলীচাক অভিষেক কৰিবা।

তাৰ পাছত যিহোৱাই ক’লে, ‘আহাবক গৈ ৰামোৎ-গিলিয়দত পতিত হ’বৰ কাৰণে কোনে তেওঁক উত্তেজিত কৰিব?’ তেতিয়া এজনে একেভাবে আৰু আনজনে আন ভাবে উত্তৰ দিবলৈ ধৰিলে।

এইদৰে যেহূৱে যিজ্ৰিয়েলত থকা আহাবৰ বংশৰ সকলো অৱশিষ্ট লোকক, অৰ্থাৎ তেওঁৰ সকলো প্ৰধান লোকক, তেওঁৰ প্ৰণয়ৰ বন্ধুসকল আৰু তেওঁৰ পুৰোহিতসকলক বধ কৰিলে। তেওঁলোকৰ আৰু কোনোৱেই জীয়াই নাথাকিল।

তেতিয়া যোৰামে ক’লে, “মোৰ ৰথ যুগুত কৰা।” তেওঁলোকে তেওঁৰ ৰথ যুগুত কৰাৰ পাছত ইস্ৰায়েলৰ ৰজা যোৰাম আৰু যিহূদাৰ ৰজা অহজিয়াই নিজৰ নিজৰ ৰথত উঠি যেহূক লগ পাবলৈ ওলাই গ’ল। তেওঁলোকে যেহূক যিজ্ৰিয়েলীয়া নাবোতৰ এলেকাত লগ পালে।

যি ঘটিল, তাকে দেখি যিহূদাৰ ৰজা অহজিয়াই বৈৎ-হাগগানৰ পথেদি পলাই গ’ল। যেহূৱে তেওঁৰ পাছে পাছে খেদি গৈ চিঞৰিলে, “তেওঁকো ৰথৰ ভিতৰত বধ কৰা।” তেতিয়া তেওঁলোকে যিব্লিয়ামৰ ওচৰৰ গূৰলৈ উঠি যোৱা পথত তেওঁক আঘাত কৰিলে। অহজিয়াই মগিদ্দোলৈ পলাই গ’ল আৰু তাতে তেওঁ মৰিল।

এইদৰে ৰজাই লোকসকলৰ কথা নুশুনিলে; কিয়নো চীলোনীয়া অহীয়াৰ দ্বাৰাই দিয়া নবাটৰ পুত্ৰ যাৰবিয়ামক যিহোৱাই কোৱা নিজ বাক্য সিদ্ধ কৰিবৰ অৰ্থে ঈশ্বৰৰ পৰাহে এই ঘটনা ঘটিল।

এই হেতুকে, তেওঁ অৰামৰ ৰজা হজায়েলে সৈতে যুদ্ধ কৰা সময়ত, অৰামীয়াসকলে ৰামাত তেওঁক যি আঘাত কৰিছিল, সেই ঘা-বোৰৰ পৰা সুস্থ হ’বলৈ তেওঁ যিজ্ৰিয়েললৈ ঘূৰি আহিল। তেতিয়া যিহূদাৰ ৰজা যিহোৰামৰ পুত্ৰ অজৰিয়াই আহাবৰ পুত্ৰ যোৰামক চাবলৈ যিজ্ৰিয়েললৈ নামি গ’ল; কিয়নো তেওঁক আঘাত কৰা হৈছিল৷

ন্যায় বিচাৰ কৰি যিহোৱাই নিজৰ পৰিচয় দিলে; তেওঁ দুষ্টবোৰক তেওঁলোকৰ হাতে কৰা কামৰ ফান্দত পেলায়। (হিগায়োন, চেলা)।

মানুহে হৃদয়ত নিজৰ পথৰ বিষয়ে পৰিকল্পনা কৰে; কিন্তু যিহোৱাই তেওঁৰ ভৰিৰ খোজ নিৰূপণ কৰে।

মই আৰম্ভণিৰে পৰা শেষৰ কথা ঘোষনা কৰিছোঁ, আৰু আগতিয়াকৈ সেইবোৰ এতিয়াও ঘটা নাই; মই কৈছো “মোৰ পৰিকল্পনা সিদ্ধ কৰিম,আৰু মই যি দৰে ইচ্ছা কৰোঁ সেই দৰে কৰিম।”

জ্ঞানৱানজনে এইবোৰ কথা বুজে; বিবেচকজনে এইবোৰ কথা জানে; কিয়নো যিহোৱাৰ পথবোৰ সততাৰ পথ আৰু ধাৰ্মিকজনে সেই পথত গমন কৰে, কিন্তু অধাৰ্মিকজনে হ’লে সেইবোৰত উজুটি খায়।

তোমালোকে দুষ্ট লোকসকলক গচকিবা; মই এই কাৰ্য কৰাৰ দিনা তেওঁলোক তোমালোকৰ ভৰিৰ তলত থকা ছাঁই যেন হ’ব।” ইয়াক বাহিনীসকলৰ যিহোৱাই কৈছে।

সিহঁতৰ ভৰি পিছল খোৱা সময়ত প্ৰতিকাৰ সধা আৰু প্ৰতিফল দিয়া মোৰহে কাৰ্য; কিয়নো সিহঁতৰ ক্লেশৰ কাল ওচৰ চাপিছে, আৰু সিহঁতলৈ ঘটিবলগীয়া সৰ্বনাশ শীঘ্ৰে ঘটিব।

কিয়নো তেওঁলোকক সম্পূর্ণৰূপে বিনষ্ট কৰিবৰ বাবে যিহোৱাই তেওঁলোকৰ হৃদয় কঠিন কৰিছিল; সেই বাবে তেওঁলোকে আহি ইস্ৰায়েলৰ বিৰুদ্ধে যুদ্ধ কৰিলে৷ যিহোৱাই মোচিক আজ্ঞা দিয়াৰ দৰে, তেওঁলোকৰ দয়াৰ নিবেদন শুনা নগ’ল; বৰং তেওঁলোক সম্পূর্ণৰূপে উচ্ছন্ন হ’ল৷

কিন্তু তেওঁৰ মাক বাপেকে নাজানিলে, যে সেয়ে যিহোৱাৰ পৰা হৈছে; কাৰণ তেওঁ পলেষ্টীয়াসকলৰ বিৰুদ্ধে ছিদ্ৰ বিচাৰিছিল। সেই কালত ফিলিস্তীয়াসকলে ইস্ৰায়েলক শাসন কৰিছিল।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন