2 বংশা 21:7ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019তথাপিও দায়ূদৰ লগত যিহোৱাই কৰা নিয়ম-চুক্তিৰ কাৰণে যিহোৱাই দায়ূদৰ বংশক বিনষ্ট নকৰিলে; তেওঁক আৰু তেওঁৰ সন্তান সকলক চিৰকাললৈকে এক জীৱন দিম বুলি তেওঁ প্ৰতিজ্ঞা কৰিছিল৷ অধ্যায়টো চাওক |
কিন্তু ৰজাৰ জীয়েক যিহোচাবতে অহজিয়াৰ পুত্ৰ যোৱাচক বধ কৰিবলগীয়া ৰাজকোঁৱৰসকলৰ মাজৰ পৰা চুৰ কৰি আনিলে, আৰু তেওঁক ধাইমাকে সৈতে বিছনা ৰখা কোঁঠালি এটাত ৰাখি হ’ল৷ এইদৰে যিহোয়াদা পুৰোহিতৰ ভাৰ্য্যা, যিহোৰাম ৰজাৰ জীয়েক আৰু অহজিয়াৰ ভনীয়েক সেই যিহোচাবতে যোৱাচক অথলিয়াৰ পৰা লুকুৱালে যাতে ৰাণীয়ে তেওঁক বধ কৰিব নোৱাৰে।
এই হেতুকে এতিয়া, হে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱা, আপোনাৰ দাস মোৰ পিতৃ দায়ূদৰ আগত যি প্ৰতিজ্ঞা কৰিছিল, সেই বিষয়ে আপোনাৰ এই দাসলৈ পালন কৰক কিয়নো আপুনি কৈছিল বোলে, ‘তুমি মোৰ আগত যেনেকৈ চলিলা, তেনেদৰে তোমাৰ সন্তান সকলেও যদি এইদৰে মোৰ ব্যৱস্থাত চলিবলৈ নিজ নিজ পথত সাৱধান হৈ থাকে, তেনেহ’লে মোৰ দৃষ্টিত ইস্ৰায়েলৰ সিংহাসনৰ ওপৰত বহিবলৈ তোমাৰ সম্বন্ধীয়া মানুহৰ অভাৱ নহ’ব৷’