তথাপি পবিত্ৰ ঠাইবোৰ গুচুউৱা নহ’ল আৰু তেওঁলোকে তেতিয়াও নিজৰ পূর্ব-পুৰুষসকলৰ ঈশ্বৰলৈ নিজ নিজ মন যুগুত নকৰিলে।
কিন্তু তেওঁ কু-আচৰণ কৰিছিল, কিয়নো তেওঁ যিহোৱাক বিচাৰ কৰিবলৈ নিজৰ মন স্থিৰ কৰা নাছিল।
কিয়নো তেওঁ পৰজাতীয় যজ্ঞবেদী আৰু ওখ ঠাইবোৰ আতৰাই পেলাইছিল, স্তম্ভবোৰ ভাঙি পেলাইছিল আৰু আচেৰা মুৰ্ত্তিবোৰ খণ্ড-বিখণ্ড কৰি কাটিছিল৷
কিন্তু ইস্ৰায়েলৰ মাজৰ পৰা ওখ ঠাইবোৰ গুচুউৱা নহ’ল৷ তথাপিও আচা’ৰ মন নিজ আয়ুসৰ সকলো কালত সমৰ্পিত আছিল।
তেওঁ যিহোৱাৰ পথত মন দৃঢ় কৰিলে৷ তাত বাজে তেওঁ যিহূদাৰ মাজৰ পৰা পবিত্ৰ ঠাইবোৰ আৰু আচেৰা মূৰ্ত্তিবোৰ গুচালে।
তথাপি তুমি দেশৰ পৰা আচেৰা মুৰ্ত্তিবোৰ উচ্ছন্ন কৰাত আৰু ঈশ্বৰক বিচাৰিবলৈ তোমাৰ মন থিৰ কৰাত তোমাৰ কিছু সদ্ভাৱ পোৱা গ’ল।”
তেওঁ তেওঁৰ পিতৃ আচাৰ পথত চলিছিল, আৰু তেওঁৰ পৰা নুঘূৰি, যিহোৱাৰ সাক্ষাতে সদাচৰণ কৰিছিল।
যিকোনোৱে ধৰ্মধাম শুচি কৰা বিধি অনুসাৰে নিজকে শুচি নকৰাকৈয়েই ঈশ্বৰক অৰ্থাৎ নিজৰ ওপৰ-পিতৃসকলৰ ঈশ্বৰ যিহোৱাক বিচাৰ কৰিবলৈ নিজ মন থিৰ কৰিলে।”
তথাপি তেতিয়াও লোকসকলে ওখ ঠাইবোৰত বলিদান কৰিছিল যদিও কেৱল তেওঁলোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যেহে কৰিছিল।
তেওঁলোকলৈ হোৱা সেই মহাক্লেশ, নানা চিন আৰু আশ্চর্য কার্যবোৰ আপোনালোকে নিজ চকুৰে দেখিছিল।
কিন্তু আপোনালোকক আজিলৈকে যিহোৱাই সেইবোৰ বুজিবলৈ মন, চাবলৈ চকু আৰু শুনিবলৈ কাণ দিয়া নাই।”
চমূৱেলে ইস্ৰায়েলৰ আটাই বংশক ক’লে, “তোমালোকে যদি তোমালোকৰ সকলো চিত্তেৰে যিহোৱালৈ উভটি আহা, আৰু তোমালোকৰ মাজৰ পৰা ভিন্ন দেশীয় দেৱতাবোৰ আৰু অষ্টাৰেৎ দেৱীবোৰ দূৰ কৰা আৰু যিহোৱালৈ নিজৰ মন পৰিবৰ্তন কৰি যদি কেৱল তেওঁৰেই সেৱা কৰা; তেনেহলে তেওঁ পলেষ্টীয়াসকলৰ হাতৰ পৰা তোমালোকক উদ্ধাৰ কৰিব।”