Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



2 বংশা 18:24

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

তাতে মীখায়াই ক’লে, “চোৱা, যি দিনা তুমি লুকাবৰ কাৰণে ভিতৰ কোঠালিলৈ সোমাই যাবা, সেই দিনাই সেই বিষয়ে জানিবা।”

অধ্যায়টো চাওক কপি কৰক

8 পৰস্পৰ সংযোগসমূহ  

কিন্তু অৱশিষ্টসকল অফেকলৈ পলাই নগৰত সোমাল আৰু তাতে সেই নগৰৰ গড় সেই অৱশিষ্ট থকা সাতাইশ হাজাৰ লোকৰ ওপৰত পৰিল। বিন-হদদ নগৰৰ ভিতৰলৈ পলাই গৈ এটা ভিতৰ কোঁঠালিত সোমাল।

তেতিয়া কনানাৰ পুত্ৰ চিদিকিয়াই মীখায়াৰ ওচৰলৈ আহি তেওঁৰ গালত চৰ মাৰি ক’লে, “তোমাৰ লগত কথা ক’বৰ কাৰণে যিহোৱাৰ আত্মা মোৰ পৰা কোন পথেদি গ’ল?”

পাছত ইস্ৰায়েলৰ ৰজাই তেওঁৰ কিছুমান দাসক আজ্ঞা কৰিলে বোলে, “মীখায়াক ধৰি নগৰৰ অধ্যক্ষ অমোনৰ আৰু মোৰ পুত্ৰ ৰাজকোঁৱৰ যোৱাচৰ ওচৰলৈ লৈ যোৱা৷

হে যিহোৱা, আপোনাৰ হাত দঙা আছে, তথাপি তেওঁলোক দৃষ্টি নকৰে; কিন্তু তেওঁলোকে লোকসকলৰ বাবে আপোনাৰ উৎসাহ দেখি লজ্জিত হ’ব; কাৰণ অগ্নিয়ে আপোনাৰ শত্রুবোৰক গ্ৰাস কৰিব।

হে মোৰ লোকসকল যোৱা, তোমালোকৰ কোঁঠালিত সোমোৱা, আৰু চাৰিও ফালে দুৱাৰ বন্ধ কৰা; ক্ৰোধ মাৰ নোযোৱালৈকে খন্তেক মনে মনে লুকাই থাকা।

এই হেতুকে যিহোৱাই এই কথা কৈছে: চোৱা, মই নিহিলামীয়া চময়িয়াক আৰু তাৰ বংশক দণ্ড দিম; এই জাতি সমূহৰ মাজত বসতি কৰিবলৈ তাৰ এটি সন্তানো নাথাকিব, আৰু যিহোৱাই কৈছে, মই মোৰ প্ৰজাসকলৰ যি মঙ্গল কৰিম, তাক তেওঁ ভোগ কৰিবলৈ নাপাব; কাৰণ তেওঁ যিহোৱাৰ বিৰুদ্ধে বিদ্ৰোহৰ কথা ক’লে’।”




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন