2 বংশা 15:9ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019পাছত তেওঁ আটাই যিহূদা আৰু বিন্যামীনক আৰু তেওঁলোকৰ মাজত প্ৰবাস কৰা ইফ্ৰয়িম, মনচি আৰু চিমিয়োনৰ পৰা অহা লোকসকলক গোটালে৷ কিয়নো তেওঁৰ ঈশ্বৰ যিহোৱা তেওঁৰ লগত থকা দেখি, ইস্ৰায়েলৰ মাজৰ পৰা অহা অনেক লোক আহি তেওঁৰ ফলীয়া হৈছিল। অধ্যায়টো চাওক |
চৌলৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ পলেষ্টীয়াসকলৰ লগত দায়ুদ যোৱাৰ সময়ত, মনচিৰ পৰা কিছুমান লোক আতৰিগৈ দায়ূদৰ ফলীয়া হ’ল। কিন্তু তেওঁলোকে ফিলিষ্টীয়াসকলক সহায় কৰা নাছিল, কাৰণ ফিলিষ্টীয়াসকলৰ অধিপতিসকলে ইজনে সিজনৰ সৈতে পৰামৰ্শ কৰি তেওঁক পঠিয়াই দিলে। তেওঁলোকে ক’লে, “তেওঁ আমাৰ জীৱন বিপদত পেলাই নিজৰ প্ৰভু চৌলৰ ফালে পলায়ন কৰিব।”