2 বংশা 13:7ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019আৰু কেতবোৰ পাষণ্ড ও অসাৰ চিত্তৰ লোকসকল তেওঁৰ ওচৰত গোট খালে৷ তেওঁলোকে চলোমনৰ পুত্ৰ ৰহবিয়ামৰ বিৰুদ্ধে নিজকে সবল কৰিলে; যেতিয়া ৰহবিয়াম ডেকা আৰু অনভিজ্ঞ হোৱাত তেওঁলোকৰ আগত নিজকে সবল কৰিব নোৱাৰিছিল। অধ্যায়টো চাওক |
যেতিয়া ইস্ৰায়েলৰ লোকসকলে দেখিলে যে, ৰজাই তেওঁলোকৰ কথা শুনা নাই তেতিয়া তেওঁলোকে ৰজাক উত্তৰ দিলে আৰু ক’লে, “দায়ূদৰ ওচৰত আমাৰ কি অংশ আছে? যিচয়ৰ পুত্ৰৰ ওচৰত আমাৰ কোনো অধিকাৰ নাই! হে ইস্ৰায়েল, তোমালোকে নিজ নিজ তম্বুলৈ যোৱা৷ হে দায়ুদ, তুমি এতিয়া নিজ বংশলৈ চোৱা।” এইদৰে সমুদায় ইস্ৰায়েল নিজ নিজ তম্বুলৈ পুনৰ উভতি গ’ল।
ক্রমশঃ ৰজা ৰহবিয়ামে যিৰূচালেমত তেওঁৰ ৰাজপদ শক্তিশালী কৰি, ৰাজত্ব কৰিবলৈ ধৰিলে। যেতিয়া ৰহবিয়ামৰ বয়স একচল্লিশ বছৰ আছিল, তেতিয়া ৰাজত্ব কৰিবলৈ লৈছিল। তেওঁ যিৰূচালেমত সোঁতৰ বছৰ ৰাজত্ব কৰিছিল। যিহোৱাই নিজ নাম স্থাপন কৰিবৰ বাবে ইস্ৰায়েলৰ সকলো ফৈদৰ মাজৰ পৰা তেওঁক মনোনীত কৰিছিল। তেওঁৰ মাকৰ নাম নয়মা আছিল, তেওঁ অম্মোনীয়া আছিল।