2 বংশা 13:5ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই যে ইস্ৰায়েলৰ ৰাজ্যভাৰ চিৰকাললৈকে দায়ূদক আৰু তেওঁৰ সন্তান সকলক পৰম্পৰাগত এটি নিয়মেৰে দিলে, সেই বিষয়ে জানো তোমালোকে নাজানা? অধ্যায়টো চাওক |
এই হেতুকে এতিয়া, হে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱা, আপোনাৰ দাস মোৰ পিতৃ দায়ূদৰ আগত যি প্ৰতিজ্ঞা কৰিছিল, সেই বিষয়ে আপোনাৰ এই দাসলৈ পালন কৰক কিয়নো আপুনি কৈছিল বোলে, ‘তুমি মোৰ আগত যেনেকৈ চলিলা, তেনেদৰে তোমাৰ সন্তান সকলেও যদি এইদৰে মোৰ ব্যৱস্থাত চলিবলৈ নিজ নিজ পথত সাৱধান হৈ থাকে, তেনেহ’লে মোৰ দৃষ্টিত ইস্ৰায়েলৰ সিংহাসনৰ ওপৰত বহিবলৈ তোমাৰ সম্বন্ধীয়া মানুহৰ অভাৱ নহ’ব৷’