Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



2 বংশা 12:8

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

তথাপি তেওঁলোকে তেওঁৰ দাস হ’ব, যাতে তেওঁলোকে বুজি পায় মোক সেৱা কৰিলে কি হয় আৰু অন্য দেশীয় শাসনকর্তাক সেৱা কৰিলে কি হয়৷”

অধ্যায়টো চাওক কপি কৰক

8 পৰস্পৰ সংযোগসমূহ  

বৰ্তমান আমি বন্দী, আপুনি আমাৰ পূৰ্ব-পুৰুষ সকলক ইয়াৰ ফল আৰু উত্তম বস্তু উপভোগ কৰিবলৈ দিছিল। চাওক, আমি সেই দেশতেই বন্দী হৈ আছোঁ।

তেওঁলোকৰ শত্ৰুবোৰে তেওঁলোকৰ ওপৰত উপদ্ৰৱ চলালে, তেওঁলোকৰ ক্ষমতাৰ অধীনত তেওঁলোক বশীভূত হ’ল।

হে আমাৰ ঈশ্বৰ যিহোৱা, আপোনাৰ বাহিৰে আন প্ৰভুসকলে আমাৰ ওপৰত অধিকাৰ কৰিছিল, কিন্তু আমি কেৱল আপোনাৰ নামৰ স্তুতি কৰিম।

হে যিহোৱা, মোক কেৱল ন্যায়েৰে শুধৰোৱা, কিন্তু ক্ৰোধেৰে নহয়; নহলে, মোক গ্ৰাস কৰিব।

যদিও তেওঁলোকে বিভিন্ন জাতিবোৰৰ সৈতে বেচ দি বন্ধুত্ব কৰিলে, তথাপিও মই এতিয়া তেওঁলোকক বিনাশ কৰিবলৈ একেলগে গোটাম; ৰজা আৰু নেতাসকলৰ অত্যাচাৰৰ অধীনত তেওঁলোকে যাতনা ভোগ কৰিব।

যি সকল ইস্ৰায়েলীয়া লোকৰ কনান দেশত যুদ্ধৰ কোনো অভিজ্ঞতা নাছিল, সেইসকলক পৰীক্ষাত পেলাবলৈ যিহোৱাই কিছুমান জাতিক সেই দেশৰ মাজত অৱশিষ্ট ৰাখিলে।

ইস্ৰায়েলৰ নতুন প্রজন্মৰ যিসকল সন্তানে আগৰ যুদ্ধবোৰৰ কথা নাজানিছিল, সেই ইস্রয়েলবাসীক যুদ্ধৰ বিষয়ে শিক্ষা দিবলৈ যিহোৱাই এনে কৰিলে।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন