Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



2 বংশা 11:4

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

‘যিহোৱাই এই কথা কৈছে: তোমালোকে নিজ ভাইসকলৰ বিৰুদ্ধে যুদ্ধ নকৰিবা৷ প্ৰতিজনে নিজ নিজ ঘৰলৈ ঘূৰি যাব লাগিব কিয়নো মোৰ দ্বাৰাইহে এই কথা হৈছে’৷” তেতিয়া তেওঁলোকে যিহোৱাৰ বাক্যলৈ কাণ দিলে আৰু যাৰবিয়ামৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ যোৱাৰ পৰা উভতি গ’ল।

অধ্যায়টো চাওক কপি কৰক

16 পৰস্পৰ সংযোগসমূহ  

তেতিয়া অব্ৰামে লোটক ক’লে, “চোৱা, আমি আত্মীয় হওঁ আৰু সেয়ে, মোৰে তোমাৰে মাজত, মোৰ পশু-ৰখীয়া আৰু তোমাৰ পশু-ৰখীয়াৰ মাজত বিবাদ হোৱাটো উচিত নহব;

তোমালোকে মোৰ বিৰুদ্ধে অনিষ্টৰ কল্পনা কৰিছিলা হয়, কিন্তু এতিয়া যেনেকৈ দেখিছা তেনেকৈ অনেক লোকৰ প্ৰাণ ৰক্ষা কৰা কাৰ্য সিদ্ধ কৰাৰ অভিপ্ৰায়েৰে, ঈশ্বৰে ইয়াকে মঙ্গলৰ কল্পনা কৰিলে।

তেতিয়া অবনেৰে যোৱাবক মাতি ক’লে, “তৰোৱালে জানো সদাকাল গ্ৰাস কৰিব পাৰিব? শেষত ইয়াৰ ফল যে অতি তিক্ত হ’ব, তাক তুমি নাজানানে? এই হেতুকে তুমি নিজ ভাইসকলৰ পাছে পাছে খেদি অহাৰ পৰা ওভোটাবলৈ, নিজৰ লোকসকলক কিমান কাললৈ আজ্ঞা নিদিয়াকৈ থাকিবা?”

তাৰ পাছত সূর্য মাৰ যোৱা সময়ত সৈন্য সমূহৰ মাজত সকলো ফালে এই কথা চিঞঁৰি কোৱা হ’ল, “প্ৰতিজনে নিজ নিজ নগৰ আৰু নিজ দেশলৈ গুচি যাওঁক।”

“তুমি যিহূদাৰ ৰজা চলোমনৰ পুত্ৰ ৰহবিয়ামক আৰু যিহূদা ও বিন্যামীনত থকা গোটেই ইস্ৰায়েলক কোৱা,

যিহোৱাৰ পৰিকল্পনা চিৰকাললৈকে থিৰে থাকে; তেওঁৰ মনৰ সঙ্কল্প পুৰুষানুক্ৰমে স্থায়ী।

মোৰ নির্দেশ নোলোৱাকৈয়ে ইস্রায়েলীয়াসকলে ৰজাসকলক নিযুক্ত কৰিলে; মই নজনাকৈয়ে তেওঁলোকে নেতাসকলক মনোনীত কৰিলে। তেওঁলোকে নিজৰ নিজৰ সোণ আৰু ৰূপেৰে তেওঁলোকৰ বাবে মূর্তি তৈয়াৰ কৰি নিজৰেই সর্বনাশ কৰিলে।

পাছদিনা খন দুজন ইস্ৰায়েলীয়ে নিজৰ মাজত যেতিয়া কাজিয়া কৰিছিল, তেতিয়া তেওঁ ওচৰলৈ গৈ তেওঁলোকক মিলন কৰিবৰ কাৰণে কলে, ‘হে লোক সকল, তোমালোক পৰস্পৰে ভাই হৈ, ইজনে সিজনৰ প্ৰতি কিয় অন্যায় ব্যৱহাৰ কৰিছা?’

ভাতৃ-প্ৰেম চলি থাকক।

অৱশেষত কওঁ, আপোনালোক সকলোৱে একে মনৰ, আনৰ দুখত দূঃখী, স্নেহশীল, প্ৰেম কৰোঁতা আৰু নম্ৰ হওক৷




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন