কিন্তু বিলিয়মে তেওঁৰ অপৰাধৰ কাৰণে এটা গাধৰ পৰা কঠোৰ ধমক পালে। গাধ পশু হোৱা বাবে কথা কব নোৱাৰে। কিন্তু সেই গাধই মানুহৰ মাতেৰে কথা কৈ ভাৱবাদীৰ মূর্খ কার্যত বাধা দিছিল।
সূৰ্যৰ তলত যি সকলো কাৰ্য কৰা হয়, তাৰ ভিতৰত অতি দুখৰ বিষয় এয়ে যে, একে দশা সকলোলৈকে ঘটে; মানুহৰ হৃদয়বোৰ দুষ্টতাৰে পৰিপূর্ণ আৰু জীয়াই থাকে মানে তেওঁলোকৰ হৃদয়ত উন্মত্ততা থাকে। তাৰ পাছত তেওঁৰ মৃত্যু হয়।