Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



2 থিচলনীকীয়া 1:9

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

তেওঁলোক প্রভুৰ লগত থকাৰ পৰা আতৰ হৈ আৰু তেওঁৰ পৰাক্রমৰ প্ৰতাপৰ পৰা দূৰৈত থাকি, দণ্ডৰ সৈতে অনন্ত বিনাশ ভোগ কৰিব।

অধ্যায়টো চাওক কপি কৰক

38 পৰস্পৰ সংযোগসমূহ  

পাছত যেতিয়া সন্ধ্যাবেলাৰ শীতল বতাহ ববলৈ ধৰিলে, তেতিয়া সেই মানুহ আৰু তেওঁৰ স্ত্রীয়ে বাৰীৰ মাজত ঈশ্বৰ যিহোৱাৰ খোজৰ শব্দ শুনিবলৈ পালে আৰু তেওঁৰ সৈতে সাক্ষাৎ নহ’বলৈ গছবোৰৰ মাজত লুকালগৈ।

তাৰ পাছত কয়িনে যিহোৱাৰ সন্মুখৰ পৰা ওলাই গৈ, এদনৰ পূব দিশে থকা নোদ দেশত বাস কৰিলে।

তথাপি সিহঁতে ঈশ্বৰক কয়, “তুমি আমাৰ পৰা দূৰ হোৱা; কিয়নো আমি তোমাৰ পথ জানিব নোখোজোঁ।

সেই সময়ত সিহঁতে ঈশ্বৰক কৈছিল, “আমাৰ পৰা দূৰ হোৱা;” আৰু “সৰ্ব্বশক্তিমান জনাই আমাৰ অৰ্থে কি কৰিব পাৰে?”

তুমি মোক জীৱনৰ পথ শিকাইছা; তোমাৰ উপস্থিতিত আছে পৰিপূর্ণ আনন্দ; তোমাৰ সোঁ-হাতত আছে অনন্ত সুখ।

তোমাৰ সন্মুখৰ পৰা মোক দূৰ নকৰিবা; তোমাৰ পবিত্ৰ আত্মা মোৰ পৰা নিনিবা।

বিদ্ৰোহী আৰু পাপীসকল একেলগে চূৰ্ণ কৰা হ’ব, আৰু যিহোৱাক ত্যাগ কৰাসকলক তেওঁলোকৰ সৈতে নষ্ট কৰা হ’ব।

যিহোৱাৰ ভয়ৰ পৰা, আৰু তেওঁ ঐশ্বৰ্যৰ প্ৰতাপৰ পৰা তোমালোক শিলাময় ঠাইলৈ যোৱা আৰু মাটিত লুকুৱা।

যিহোৱাৰ ভয়, আৰু তেওঁৰ ঐশ্বৰ্যৰ প্ৰতাপৰ পৰা বাচিবলৈ, লোকসকল শিলৰ গুহাত আৰু মাটিৰ গাতত সোমাব।

যিহোৱাই যেতিয়া পৃথিৱী কঁপাব তেতিয়া তেওঁৰ ভয়ৰ পৰা আৰু তেওঁৰ ঐশ্বৰ্যৰ প্রতাপৰ পৰা, বাচিবলৈ লোকসকল শিলৰ গুহা, আৰু অসমান শিলৰ গাতৰ ভিতৰত সোমাব।

চিয়োনত থকা পাপীবোৰে ভয় কৰিছে; অধৰ্মি জনক কঁপনিয়ে ধৰিছে। আমাৰ মাজৰ কোনে গ্ৰাসকৰী অগ্নিয়ে সৈতে বাস কৰিব পাৰে? আমাৰ মাজৰ কোনে অনন্ত কাললৈকে জ্বলি থকা জুইৰে সৈতে বাস কৰিব পাৰে?

তেওঁলোকে বাহিৰলৈ যাব আৰু মোৰ বিৰুদ্ধে বিদ্রোহাচৰণ কৰাসকলৰ মৃত দেহ দেখিব; কাৰণ তেওঁলোকক পোক খাব কিন্তু নমৰিব, আৰু তেওঁলোকক অগ্নিয়ে গ্রাস কৰিব কিন্তু নুনুমাব, আৰু তেওঁলোক সকলো মৰ্ত্ত্যৰ আগত ঘৃণনীয় হ’ব।”

পৃথিৱীৰ ধূলিত শুই থকা বহুতো লোকে সাৰ পাব। কিছুমানে অনন্তকলীয়া জীৱন, কিছুমানে লাজ, আৰু অনন্তকলীয়া ঘৃণাৰ বাবে সাৰ পাব।

কিয়নো মানুহৰ পুত্ৰই নিজৰ পিতৃৰ প্ৰতাপেৰে স্বর্গৰ দূত সকলক লগত লৈ আহিব৷ তেতিয়া তেওঁ প্ৰতিজনক নিজৰ কৰ্ম অনুসাৰে ফল দিব।”

তাতে ৰজাই তেওঁৰ দাস সকলক মাতি ক’লে, ‘ইয়াক হাত-ভৰি বান্ধি, বাহিৰৰ আন্ধাৰত পেলাই দিয়া; তাতে ক্ৰন্দন আৰু দাঁত কৰচনি হ’ব’।

যেতিয়া আকাশত মানুহৰ পুত্ৰৰ চিন প্ৰকাশিত হ’ব; তেতিয়া পৃথিৱীৰ সকলো ফৈদে হিয়া ভুকুৱাব৷ আকাশত মেঘৰ ওপৰত মানুহৰ পুত্ৰক পৰাক্ৰম আৰু মহা প্ৰতাপেৰে অহা দেখিব।

তেতিয়া তেওঁৰ বাওঁফালে থকাবোৰক কব, ‘হেৰ মোৰ পৰা আতৰি থকা সকল, চয়তান আৰু তাৰ দূতবোৰৰ কাৰণে যুগুত কৰি থোৱা অনন্ত জুইলৈ তোমালোক গুচি যোৱা।

এই কাৰণে সিহঁত অনন্ত দণ্ডলৈ, কিন্তু ধাৰ্মিক সকল অনন্ত জীৱনলৈ যাব।”

মানুহৰ পুত্ৰৰ বিষয়ে যেনেকৈ লিখা আছে, তেনেকৈ তেওঁৰ গতি হ’ব; কিন্তু যি মানুহৰ দ্বাৰাই মানুহৰ পুত্ৰক শোধাই দিয়া হয়, তেওঁ সন্তাপৰ পাত্ৰ; সেই মানুহৰ জন্ম নোহোৱা হ’লেই ভাল আছিল’।

তেতিয়া মই সিহঁতক স্পষ্টকৈ ক’ম, ‘মই তহঁতক কেতিয়াও চিনি নাপাও, দুৰাচাৰীবোৰ। মোৰ ওচৰৰ পৰা দূৰ হ’।

কিন্তু তেওঁ উত্তৰ দি কব, মই তোমালোকক কওঁ, ‘এই সকল কৰ মানুহ, সেই বিষয়ে মই নাজানো; হে দুৰাচাৰীবোৰ মোৰ ওচৰৰ পৰা দূৰ হ!’

পাছত যীচুৱে মন্দিৰত তেওঁক দেখা পাই ক’লে, “চোৱা তুমি এতিয়া সুস্থ হ’লা!! আৰু পাপ নকৰিবা, যাতে তোমাৰ অধিক ক্ষতি নহয়।”

তেওঁ ক’লে, যিহোৱা চীনয় পৰ্ব্বতৰ পৰা আহিল, তেওঁ চেয়ীৰৰ পৰা তেওঁলোকৰ ওপৰত উদয় হ’ল; তেওঁৰ জ্যোতি পাৰণ পৰ্ব্বতৰ পৰা জিলিকি উঠিল তেওঁ অযুত অযুত পবিত্ৰসকলৰ মাজৰ পৰা আহিল। তেওঁৰ সোঁ হাতত আছিল তেওঁলোকৰ কাৰণে বিজুলীৰ চমক ভৰা ব্যৱস্থা।

তেখেত সকলৰ শেষগতি সৰ্ব্বনাশ, পেটেই তেখেত সকলৰ ঈশ্বৰ, নিজ নিজ লাজত তেখেত সকলৰ গৌৰৱ আছে, তেখেত সকলে পাৰ্থিৱ বিষয়বোৰৰ বিষয়ে ভাবি থাকে।

যেতিয়া লোক সকলে “শান্তি আৰু নিৰাপত্তা” ৰ কথা কব, তেতিয়া হঠাতে হোৱা গর্ভৱতীৰ প্ৰসৱ বেদনাৰ নিচিনাকৈ, তেওঁলোকলৈ বিনাশ আহিব আৰু তেওঁলোক কোনোমতেই সাৰিব নোৱাৰিব।

তাৰ পাছত সেই অবাধ্যতাৰ পুৰুষ জন প্ৰকাশিত হ’ব আৰু প্ৰভু যীচুৱে নিজৰ মুখৰ নিশ্বাসৰ দ্বাৰাই তাক ধ্বংস কৰিব আৰু তেওঁৰ আগমণৰ আবিৰ্ভাৱৰ দ্বাৰাই তাক শেষ কৰিব।

এতিয়া আমি যেন পৰমধন্য আশা সিদ্ধিৰ অৰ্থে মহান ঈশ্বৰ আৰু ত্ৰাণকর্তা যীচু খ্ৰীষ্টৰ প্ৰতাপৰ আবির্ভাৱৰ বাবে অপেক্ষা কৰি থাকো৷

তেনেহলে ঈশ্বৰৰ পুত্ৰক যি জনে ভৰিৰ তলত গছকে, আৰু নিয়মৰ যি তেজৰ দ্বাৰাই তেওঁ পবিত্ৰীকৃত হৈছিল, সেই তেজক যি জনে অশুচি কৰে, আৰু অনুগ্ৰহৰ আত্মাৰ অপমান কৰে, সেই জন আপোনালোকৰ বিবেচনা অনুসৰি, তেওঁ তাতকৈ কিমান দুৰ্ঘোৰ দণ্ডৰ যোগ্য-পাত্ৰ বুলি গণিত হ’ব!

এই লোক সকল পানী নথকা নাদৰ নিচিনা আৰু ধুমুহা বতাহে চলাই নিয়া মেঘস্বৰূপ। তেওঁলোকৰ কাৰণে ঘোৰ আন্ধাৰ সাঁচি থোৱা হৈছে।

একে বাক্যৰ গুণে বৰ্তমান এই কালৰ আকাশমণ্ডল আৰু পৃথিৱী জুইৰ দ্বাৰাই ধ্বংস হবলৈ সংৰক্ষণ হৈছে, এইদৰে ভক্তিহীন মানুহবোৰো বিচাৰ আৰু বিনাশ হোৱাৰ দিনলৈকে ৰক্ষিত হৈ অাছে৷

তেওঁলোক নিজৰ লাজ স্বৰূপে ফেন উলিওৱা সাগৰৰ প্ৰচণ্ড ঢৌ; তেওঁলোক ভ্ৰমণকাৰী তৰাৰ নিচিনা; সেইবোৰৰ কাৰণে তেওঁলোকলৈ চিৰকালৰ বাবে ঘোৰ আন্ধাৰ সাঁচি থোৱা হৈছে।

তাৰ পাছত মই এখন ডাঙৰ বগা সিংহাসন, আৰু তাৰ ওপৰত বহি থকা জনক দেখিলোঁ; তেওঁৰ উপস্থিতিত পৃথিৱী আৰু আকাশমণ্ডল পলাই গ’ল কিন্তু সেইবোৰৰ কাৰণে যাবলৈ ঠাই পুনৰ পোৱা নগ’ল।

পাছত মৃত্যু আৰু পৰলোকক সেই জুইৰ সৰোবৰত পেলোৱা হ’ল। সেয়েই অৰ্থাৎ অগ্নিৰ সৰোবৰেই দ্বিতীয় মৃত্যু;

কিন্তু যি সকল ভয়াতুৰ, অবিশ্বাসী, ঘিণলগীয়া, নৰবধী, ব্যভীচাৰি, মায়াবী, মূৰ্তিপূজক আৰু সকলো মিছলীয়া সকলে জ্বলি থকা গন্ধক আৰু জুইৰ সৰোবৰত নিজ নিজ ভাগ পাব৷ সেয়াই দ্বিতীয় মৃত্যু।”

কিন্তু বাহিৰৰ কুকুৰবোৰ, মায়াবীবোৰ, ব্যভীচাৰিবোৰ, নৰবধীবোৰ আৰু মূৰ্তিপূজকবোৰ আৰু মিছা কথাক প্ৰেম কৰা আৰু মিছা কথাক অভ্যাস প্ৰতিজন লোক বাহিৰত থাকে।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন