Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



2 চমূ 8:6

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

তাৰ পাছত দায়ূদে দম্মেচকৰ অৰাম দেশত ৰক্ষী সৈন্যদল স্থাপন কৰিলে, তাতে অৰামীয়াসকলে দায়ূদৰ দাস হৈ প্ৰশংসাৰে উপহাৰ আনিলে। এইদৰে দায়ুদ যি যি ঠাইলৈ গৈছিল, সেই সকলোতে যিহোৱাই তেওঁক জয়ী হ’বলৈ দিছিল।

অধ্যায়টো চাওক কপি কৰক

26 পৰস্পৰ সংযোগসমূহ  

পাছত ইস্ৰায়েলৰ সন্মুখত নিজক পৰাজিত হোৱা দেখি, হদদেজৰৰ অধীনত থকা সকলো ৰজাই ইস্ৰায়েল সকলৰ সৈতে সন্ধি পাতি তেওঁলোকৰ অধীন হ’ল। তেতিয়াৰে পৰা অৰামীয়ালোকে অম্মোনৰ সন্তান সকলক আৰু সহায় কৰিবলৈ ভয় কৰিলে।

সেই কালত দায়ুদ দৃঢ় সংৰক্ষিত এটা গুহাত আছিল, আৰু তেতিয়া পলেষ্টীয়াসকলৰ প্ৰহৰী সৈন্যদলে বৈৎলেহেমত প্ৰতিষ্ঠা কৰিছিল।

এতিয়া তাকে কৰাহঁক৷ কিয়নো যিহোৱাই দায়ূদৰ বিষয়ে কৈছিল, বোলে, ‘মই নিজ দাস দায়ূদৰ হতুৱাই মোৰ প্ৰজা ইস্ৰায়েলক পলেষ্টীয়াসকলৰ হাতৰ পৰা আৰু তেওঁলোকৰ সকলো শত্ৰুৰ হাতৰ পৰাও উদ্ধাৰ কৰিম’।”

পাছত দায়ুদ ক্ৰমে ক্ৰমে বৃদ্ধি পাই মহান হ’ল; কিয়নো বাহিনীসকলৰ ঈশ্বৰ যিহোৱা তেওঁৰ লগে লগে আছিল।

আৰু তুমি যি যি ঠাইলৈ গৈছিলা, সেই সকলোতে মই তোমাৰ সঙ্গী হৈ তোমাৰ সন্মুখৰ পৰা তোমাৰ আটাই শত্ৰুসকলক উচ্ছন্ন কৰিলোঁ৷ পৃথিৱীত থকা মহৎ লোকৰ নামৰ দৰে তোমাৰো নাম মহৎ কৰিম।

পাছে দায়ূদে ইদোমত নানা ৰক্ষী সৈন্যদল স্থাপন কৰিলে; ইদোমৰ সকলোফালে সৈন্যদল স্থাপন কৰাত, সকলো ইদোমীয়া লোকসকলে দায়ূদৰ দাস হ’ল। আৰু দায়ুদ যি যি ঠাইলৈ গৈছিল, সেই সকলোতে যিহোৱাই তেওঁক জয়ী হ’বলৈ দিলে।

তাৰ পাছত তেওঁ মোৱাবীয়াসকলক আক্ৰমণ কৰি তেওঁলোকক মাটিত শুৱাই লেজুৰে জুখিলে৷ অৰ্থাৎ বধ কৰিবৰ অৰ্থে দুই লেজু আৰু জীয়াই ৰাখিবৰ বাবে সম্পূৰ্ণ এক লেজু জুখিলে৷ পাছত মোৱাবীয়াসকলে দায়ূদৰ দাস হ’ল আৰু তেওঁলৈ প্ৰশংসাৰে উপহাৰ আনিবলৈ ধৰিলে।

আৰু দায়ূদে হদদেজৰৰ দাস কেইজনৰ গাত থকা সোণৰ ঢালবোৰ সোলোকাই যিৰূচালেমলৈ লৈ গ’ল।

চলোমনে ফৰাৎ নদীৰে পৰা পলেষ্টীয়াসকলৰ দেশলৈ আৰু মিচৰ দেশৰ সীমালৈকে, সকলো ৰাজ্যৰ ওপৰত ৰাজত্ব কৰিছিল৷ তেওঁলোকে চলোমনলৈ উপহাৰ আনিছিল আৰু তেওঁৰ গোটেই ৰাজত্বৰ কালত তেওঁলোকে তেওঁক সেৱা কৰিছিল।

আহাবৰ মৃত্যুৰ পাছত, মোৱাব দেশে ইস্ৰায়েলৰ বিৰুদ্ধে বিদ্ৰোহ-আচৰণ কৰিলে।

যাৰবিয়ামৰ অন্যান্য সকলো কাৰ্য, পৰাক্ৰম, আৰু যুদ্ধ জয়ৰ বৃত্তান্ত আৰু এসময়ত যিহূদাৰ অধীনত থকা দম্মেচক আৰু হমাৎ কেনেদৰে তেওঁ ইস্ৰায়েলৰ কাৰণে পুনৰায় অধিকাৰ কৰিলে, সেই কথা জানো “ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস” পুস্তক খনত জানো লিখা নাই?

সেয়ে যিহোৱা তেওঁৰ সঙ্গে সঙ্গে আছিল; তেওঁ য’লৈকে গৈছিল, তাতেই তেওঁ সফল হৈছিল; তেওঁ অচূৰৰ ৰজাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল আৰু তেওঁৰ অধীনত থাকিবলৈ অস্বীকাৰ কৰিছিল।

মোৱাবৰ ৰজা মেচাই মেৰ-ছাগ পুহি সেইবোৰৰ বংশ বৃদ্ধি কৰিছিল। তেওঁ ইস্ৰায়েলৰ ৰজাক কৰ হিচাবে এক লাখ মেৰ-ছাগ পোৱালি আৰু এক লাখ মতা মেৰ-ছাগৰ ঊল দিব লাগিছিল।

তেওঁ ইদোমত দুৰ্গৰক্ষক সৈন্যদল স্থাপন কৰিলে আৰু সকলো ইদোমীয়া লোক দায়ূদৰ দাস হ’ল। দায়ুদ যি যি ঠাইত যায়, সেই সকলোতে যিহোৱাই তেওঁক জয়ী হ’বলৈ দিয়ে।

তেওঁ গড়েৰে আবৃত যিহূদাৰ আটাইবোৰ সুসজ্জিত নগৰত সেনা-বাহিনী ৰাখিলে আৰু যিহূদা দেশত আৰু তেওঁৰ পিতৃ আচাই অধিকাৰ কৰি লোৱা ইফ্ৰয়িমৰ নগৰবোৰত সৈন্যদল বহুৱাই সুৰক্ষিত কৰি ৰাখিলে।

হে যিহোৱা, মোৰ প্ৰভু, মোৰ শক্তিশালী উদ্ধাৰকর্তা; যুদ্ধৰ দিনা তুমিয়েই মোক ৰক্ষা কৰিলা।

হে ঈশ্বৰ, তুমি আমাক ত্যাগ কৰা নাই নে? হে’ ঈশ্বৰ, তুমিতো আমাৰ সৈন্য সমূহৰ লগত যুদ্ধলৈ নোযোৱা।

যুদ্ধৰ দিনৰ বাবে ঘোঁৰাক সু-সজ্জিত কৰা হয়, কিন্তু জয় যিহোৱাৰ কাৰণেহে হয়।

যোনাথনে গেবাত থকা ফিলিষ্টীয়াসকলৰ নগৰ ৰক্ষী সৈন্যদলক পৰাস্ত কৰিলে আৰু পলেষ্টীয়াসকলে এই সকলো কথা শুনিলে। তাৰ পাছত চৌলে দেশৰ সকলোফালে শিঙা বজাই ক’লে, “ইব্ৰীয়াসকলে শুনক।”

এদিন চৌলৰ পুত্ৰ যোনাথনে তেওঁৰ ডেকা অস্ত্ৰবাহকক ক’লে, “আহাঁ আমি পলেষ্টীয়াসকলৰ নগৰ ৰক্ষী সৈন্য দলৰ আন দিশে যাওঁ।” কিন্তু তেওঁ এই কথা পিতৃক নক’লে।

তাতে ছাউনিত, পথাৰত, আৰু লোকসকলৰ মাজত আতংক হ’ল, আনকি নগৰৰ প্ৰহৰী সৈন্যদল আৰু আক্ৰমণকাৰীসকলৰ মাজতো আতংকৰ সৃষ্টি হ’ল। তাতে ভয়ানক আতংকৰ সৃষ্টি হ’ল।

যোনাথনে তেওঁৰ ডেকা অস্ত্ৰবাহকক ক’লে, “আহা, আমি সেই অচুন্নৎ নগৰ ৰক্ষী সৈন্য দলক অতিক্ৰম কৰি যাওঁ, যিহোৱাই হয়তো আমাৰ পক্ষে কাম কৰিব; কাৰণ বহু লোকৰ পৰাই হওঁক বা কম সংখ্যক লোকৰ পৰাই হওঁক, উদ্ধাৰ কৰিবলৈ যিহোৱাক বাধা কৰোঁতা কোনো নাই।”




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন