Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



2 চমূ 6:7

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

তেতিয়া উজ্জাৰ প্ৰতি যিহোৱাৰ ক্ৰোধ প্ৰজ্বলিত হ’ল৷ তেওঁৰ ভ্ৰান্তিৰ কাৰণে ঈশ্বৰে সেই ঠাইতে তেওঁক আঘাত কৰিলে৷ তাতে উজ্জাৰ সেই ঠাইত ঈশ্বৰৰ নিয়ম-চন্দুকটিৰ কাষতে মৃত্যু হ’ল।

অধ্যায়টো চাওক কপি কৰক

10 পৰস্পৰ সংযোগসমূহ  

যিহোৱাই উজ্জাক আঘাত কৰাৰ কাৰণে দায়ূদে মনত বেজাৰ পালে আৰু তেওঁ সেই ঠাইৰ নাম পেৰচ-উজ্জা ৰাখিলে৷ আজিলৈকে সেই ঠাইৰ নাম পেৰচ-উজ্জা’ই আছে।

উজ্জালৈ যিহোৱাৰ ক্ৰোধ প্ৰজ্বলিত হ’ল, আৰু তেওঁক বধ কৰিলে, কাৰণ তেওঁ নিয়ম-চন্দুক ধৰিবলৈ হাত মেলিছিল। সেই ঠাইতেই ঈশ্বৰৰ সন্মুখত তেওঁৰ মৃত্যু হ’ল।

প্রথম বাৰ তোমালোকে তাক বৈ অনা নাই। এই কাৰণে আমাৰ ঈশ্বৰ যিহোৱাই আমাক আঘাত কৰিলে। কাৰণ আমি তেওঁৰ আজ্ঞা অনুসাৰে তেওঁক বিচাৰা নাছিলোঁ বা বাধ্য হোৱা নাছিলোঁ।”

তেতিয়া দায়ূদে ক’লে, “ঈশ্বৰৰ নিয়ম-চন্দুক কেৱল লেবীয়াসকলে বব পাৰিব, কাৰণ যিহোৱাই নিয়ম-চন্দুক ববলৈ আৰু সদা-সৰ্ব্বদাই তেওঁৰ পৰিচৰ্যা কৰিবলৈ তেওঁলোকক মনোনীত কৰিছে।”

আৰু যেতিয়া নিয়ম চন্দুকৰ আবাসখন আন ঠাইলৈ নিব লগা হয়, তেতিয়া লেবীয়াসকলেহে তাক খণ্ড-বিখণ্ডকৈ খুলিব। পাছত নিয়ম চন্দুকৰ আবাসখন স্থাপন কৰাৰ সময়ত তেওঁলোকেই তাক সাজিব। আৰু যি লোক সেই আবাসৰ ওচৰলৈ আহিব, তেওঁৰ প্ৰাণদণ্ড হ’ব।

ছাউনি উঠিব যাব লগা সময়ত, হাৰোণ আৰু তেওঁৰ পুত্ৰসকলে পবিত্ৰ স্থান আৰু ইয়াৰ সকলো বস্তু ঢকাৰ পাছত, কহাতৰ সন্তান সকলে তাক বৈ নিবলৈ আহিব লাগিব। কিন্তু তেওঁলোকে যদি পবিত্ৰ বস্তুবোৰ স্পৰ্শ কৰে, তেনেহলে তেওঁলোক মৰিব লাগিব। এইবোৰেই কহাতৰ সন্তান সকলৰ সাক্ষাৎ কৰা তম্বুৰ বস্তুবোৰ বৈ নিয়া কাম আছিল।

আৰু প্ৰায় দহ দিনমানৰ পাছত, যিহোৱাই নাবলক আঘাত কৰিলে অাৰু তেওঁৰ মৃত্যু হ’ল।

তেওঁ বৈৎচেমচৰ লোকসকলৰ মাজৰ কিছুমানক আঘাত কৰিলে; কাৰণ তেওঁলোকে যিহোৱাৰ নিয়ম-চন্দুকলৈ চাইছিল; সেয়ে তেওঁ সত্তৰজন মানুহক বধ কৰিছিল৷ যিহোৱাই কৰা মহা-প্ৰহাৰ দেখি তেওঁলোকে বিলাপ কৰিলে।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন