Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



2 চমূ 6:21

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

তেতিয়া দায়ূদে সমিধান দি মীখলক ক’লে, “তোমাৰ পিতৃ আৰু তেওঁৰ সকলো বংশৰ ওপৰত যিহোৱাৰ প্ৰজা ইস্ৰায়েল লোকৰ অধ্যক্ষপদত মোক যিজন সৰ্ব্বশক্তিমান ঈশ্বৰে মনোনীত কৰিলে, সেই যিহোৱাৰ সাক্ষাতেই মই তাকেই কৰিলোঁ। এই হেতুকে মই সেই যিহোৱাৰ সাক্ষাতেই আমোদ কৰিম৷

অধ্যায়টো চাওক কপি কৰক

15 পৰস্পৰ সংযোগসমূহ  

আৰু আগেয়ে যেতিয়া চৌল আমাৰ ৰজা আছিল, তেতিয়াও আপুনিয়েই ইস্ৰায়েলক বাহিৰলৈ আৰু ভিতৰলৈ অনা নিয়া কৰিছিল৷ আৰু যিহোৱাই আপোনাক কৈছিল, যে, ‘তুমিয়েই ৰখীয়া হৈ মোৰ প্ৰজা ইস্ৰায়েলৰ লোকসকলক চলাবা আৰু ইস্ৰায়েলৰ ওপৰত অধিপতি হ’বা’।”

আৰু দায়ূদে শণ সূতাৰ এখন এফোদ পিন্ধি যিহোৱাৰ আগত পাৰে মানে নাচিলে৷

তেতিয়া যিহোৱাৰ নিয়ম-চন্দুকটি দায়ূদৰ নগৰত সোমাওঁতে, চৌলৰ জীয়েক মীখলে খিড়িকি দুৱাৰেদি চাই আছিল৷ যিহোৱাৰ আগত দায়ুদ ৰজাক ডেও দি নাচি থকা দেখি, মনতে তেওঁক তুচ্ছ জ্ঞান কৰিলে।

মই ইয়াতকৈয়ো আৰু ‘লঘু’ হ’ম আৰু মোৰ নিজ দৃষ্টিত আৰু হীন হ’ম, কিন্তু তুমি যি বেটীসকলৰ কথা কলা, সিহঁতৰ আগতেই নিলাজৰ দৰে অমার্জিত চিত্তৰ লোক হৈ আদৰ পোৱা হ’ম।”

তেতিয়া দায়ুদ আৰু ইস্ৰায়েলৰ আটাই বংশই দেবদাৰু কাঠেৰে সজা নানা ধৰণৰ বাদ্যযন্ত্ৰ নেবল, খঞ্জৰী, খুটিতাল আৰু ভোটতাল আদি বজাই যিহোৱাৰ আগত গুণানুকীর্তন কৰিলে৷

এই হেতুকে এতিয়া, তুমি মোৰ দাস দায়ূদক কোৱা, “বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: ‘মোৰ প্ৰজা ইস্ৰায়েলৰ সন্তান সকলৰ ওপৰত অধিপতি হ’বলৈ মই তোমাক মেৰৰ চৰণী ঠাইৰ পৰা আৰু জাকৰ পাছে পাছে যোৱাৰ পৰা গ্ৰহণ কৰিলোঁ;

কিন্তু যিহোৱাৰ নিয়ম-চন্দুক দায়ূদৰ নগৰত সোমাওঁতে, চৌলৰ জীয়েক মীখলে, খিড়িকিয়েদি চাই দেখিলে যে, দায়ুদ ৰজাই নাচি নাচি আনন্দ কৰি আছিল। তেতিয়া তেওঁ নিজৰ অন্তৰতে দায়ূদক হেয়জ্ঞান কৰিলে।

ইয়াৰ পাছত ঈশ্বৰে ৰজাৰ শাসনৰ পৰা তেওঁক আতৰাই, তেওঁলোকৰ ৰজা হবলৈ দায়ুদক মনোনীত কৰিলে৷ আৰু দায়ুদৰ বিষয়ে ঈশ্বৰে সাক্ষ্য দি কলে, ‘মোৰ মনৰ দৰে এজনক, অৰ্থাৎ যিচয়ৰ পুত্ৰ দায়ুদক পালোঁ; তেওঁ মোৰ সকলো ইচ্ছা পূৰ্ণ কৰিব৷’

এতেকে আপোনালোকে ভোজন-পান আদি যি যি কৰ্ম কৰে, সকলোকে ঈশ্বৰৰ মহিমাৰ অৰ্থে কৰিব।

কিন্তু এতিয়া তোমাৰ ৰাজত্ব স্থায়ী নহ’ব। যিহোৱাই এজন নিজৰ মনৰ মানুহ বিচাৰিব আৰু নিজৰ প্ৰজাসকলৰ ওপৰত তেওঁকেই অধিপতি নিযুক্ত কৰিব কাৰণ যিহোৱাই তোমাক যি আজ্ঞা কৰিছিল, তুমি সেয়া পালন নকৰিলা।”

চমূৱেলে তেওঁক ক’লে, “যিহোৱাই আজি তোমাৰ পৰা ইস্ৰায়েলৰ ৰাজত্ব টানি ফালিলে, আৰু তোমাতকৈয়ো উত্তম তোমাৰ এজন চুবুৰীয়াক দিলে।

যিহোৱাই চমূৱেলক ক’লে, “মই চৌলক অগ্ৰাহ্য কৰি ইস্ৰায়েলৰ ওপৰত দিয়া তেওঁৰ ৰাজপদ গুচাই দিয়া দেখি তুমি নো কিমান সময় চৌলৰ কাৰণে শোক কৰি থাকিবা? তোমাৰ শিংটো তেলেৰে পুৰ কৰি লোৱা; এতিয়া মই তোমাক বৈৎলেহেমীয়া যিচয়ৰ ওচৰলৈ পঠাওঁ; কিয়নো মই তেওঁৰ পুত্ৰ সকলৰ মাজৰ এজনক ৰজা হ’বৰ অৰ্থে বাচি ললোঁ।”

যিচয়ে মানুহ পঠিয়াই তেওঁক মাতি অনালে। তেওঁ স্ৱাস্থ্যৱান, সুনয়ন, আৰু দেখিবলৈ সুদৰ্শন আছিল। যিহোৱাই ক’লে, “উঠা, তেওঁক অভিষেক কৰা; কাৰণ এওঁৱেই সেই জন।”




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন