তাতে তেওঁৰ শোৱা কোঠালিত নিজ খাটত শুই থাকোঁতেই, তেওঁলোকে ভিতৰলৈ সোমাই গৈ আঘাত কৰি তেওঁক বধ কৰিলে৷ পাছত তেওঁৰ মূৰ কাটি, সেই মূৰ লৈ অৰাবাৰ বাটেদি ওৰে ৰাতি যাত্ৰা কৰিলে।
তাৰ পাছত অবনেৰ আৰু তেওঁৰ লোকসকলে অৰাবায়েদি গোটেই ৰাতি যাত্ৰা কৰিলে। তেওঁলোকে যৰ্দ্দন পাৰ হৈ পাছদিনা ৰাতিপুৱা যাত্ৰা কৰি মহনয়িম গৈ পালে।
নদী ভেকুলীৰে পৰিপূৰ্ণ হ’ব; সেইবোৰ উঠি তোমাৰ ঘৰত, শোৱা কোঁঠালিত, বিচনাত, আৰু তোমাৰ দাসসকলৰ ঘৰতো সোমাব। এনেকি তোমাৰ লোকসকলৰ গাৰ ওপৰত উঠিব, তোমাৰ তন্দুৰ আৰু তোমাৰ আটা খচা পাত্ৰতো সোমাব।
পাছত মূৰটো এখন থালত আনি ছোৱালী জনীক দিলে আৰু তাই সেইটো মাকৰ ওচৰলৈ লৈ গ’ল।
তেতিয়া দায়ূদে লৰি গৈ পলেষ্টীয়াজনৰ কাষত থিয় হৈ তাৰ তৰোৱাল ফাকৰ পৰা উলিয়াই তাৰেই তাক বধ কৰিলে আৰু সেই তৰোৱালেৰেই তাৰ মূৰ কাটি পোলালে। তেতিয়া ফিলিষ্টীয়া সকলে তেওঁলোকৰ সেই মহাবীৰ মৰা দেখি পলাল।
আৰু দায়ূদে সেই পলেষ্টীয়াজনৰ মূৰটো যিৰূচালেমলৈ লৈ গ’ল; কিন্তু তাৰ ৰণৰ সাজ নিজৰ তম্বুত ৰাখিলে।
পাছত তেওঁলোকে তেওঁৰ মুৰ কাটিলে আৰু তেওঁৰ কবচ খুলি ল’লে। তাৰ পাছত পলেষ্টীয়াসকলৰ ওচৰলৈ খবৰ পঠিয়াই দিলে আৰু তেওঁলোকৰ দেৱতাৰ মূৰ্তি থকা মন্দিৰবোৰলৈও এই খবৰ পঠিয়ালে।