Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



2 চমূ 4:12

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

তেতিয়া দায়ূদে তেওঁৰ ডেকাসকলক আজ্ঞা কৰাত, তেওঁলোকক বধ কৰি তেওঁলোকৰ হাত-ভৰি কাটি পেলালে আৰু হিব্ৰোণৰ পুখুৰীৰ পাৰত তেওঁলোকৰ শৱ আৰি হ’ল৷ কিন্তু তেওঁলোকে ঈচ্‌বোচতৰ মূৰটো লৈ হিব্ৰোণত থকা অবনেৰ’ৰ মৈদামতে মৈদাম দিলে।

অধ্যায়টো চাওক কপি কৰক

8 পৰস্পৰ সংযোগসমূহ  

দায়ূদে ডেকাসকলৰ মাজৰ এজনক মাতি এই আজ্ঞা দি ক’লে, “তুমি ওচৰলৈ গৈ তেওঁক বধ কৰা।” গতিকে সেই লোকজনে গৈ তেওঁক প্ৰহাৰ কৰি আঘাত কৰিলে৷ তাতে সেই অমালেকীয়াজনৰ মৃত্যু হ’ল।

তই যাৰ পদত ৰজা হ’লি, সেই চৌলৰ বংশৰ সকলো ৰক্তপাতৰ প্ৰতিফল যিহোৱাই তোক দিছে৷ যিহোৱাই তোৰ পুতেক অবচালোমৰ হাতত ৰাজ্য সমৰ্পণ কৰিলে৷ চা, তই নিজেই ধ্বংস হ’লি, কিয়নো তই ৰক্তপাতি মানুহ।”

ইয়াৰ ভিতৰতে নেৰৰ পুত্ৰ যি অবনেৰ চৌলৰ সেনাপতি আছিল, তেওঁ চৌলৰ পুত্ৰ ঈচ্‌বোচতক মহনয়িমলৈ লৈ গ’ল।

দায়ূদে তেওঁলোকক গিবিয়োনীয়া সকলৰ হাতত শোধাই দিলে৷ তেতিয়া তেওঁলোকে পৰ্বতত যিহোৱাৰ সন্মুখত তেওঁলোকক আৰি হ’ল; আৰু তাতে সেই সাত জনৰ একে সময়তে মৃত্যু হ’ল। শস্য দাবৰ কালত অৰ্থাৎ যৱ ধান দাবলৈ আৰম্ভ কৰা কালতে তেওঁলোকক বধ কৰা হ’ল।

পাছত তেওঁলোকে হিব্ৰোণত অবনেৰক মৈদাম দিলে৷ সেই সময়ত ৰজাই অবনেৰৰ মৈদামৰ ওচৰত বৰ মাতেৰে ক্ৰন্দন কৰিলে আৰু আন সকলো লোকেও কান্দিলে।

কিন্তু, হে ঈশ্বৰ, তুমিয়েই তেওঁলোকক বিনাশৰ গাতলৈ নমাই আনিবা; ৰক্তপাত কৰা আৰু ছলনাকাৰী মানুহবোৰে আধা বয়সো নাপাব; কিন্তু মই হ’লে, তোমাৰ ওপৰত ভাৰসা কৰিম।

কিয়নো যেনেকুৱা বিচাৰেৰে তোমালোকে সোধ-বিচাৰ কৰা, তেনেকুৱা বিচাৰেৰে তোমালোকৰো বিচাৰ কৰা হ’ব, আৰু যি জোখেৰে তোমালোকে জোখা, সেই জোখেৰে তোমালোককো জোখা হ’ব।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন