Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



2 চমূ 3:3

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

তেওঁৰ দ্বিতীয় পুত্ৰ কিলিয়াব, কৰ্মিলীয়া মৃত নাবলৰ ভাৰ্য্যা অবীগলৰ সন্তান৷ তৃতীয় অবচালোম, গচুৰৰ তল্ময় ৰজাৰ জীয়েক মাখাৰ সন্তান৷

অধ্যায়টো চাওক কপি কৰক

22 পৰস্পৰ সংযোগসমূহ  

তাৰ পাছত এনেকুৱা ঘটনা হ’ল, যে, দায়ূদৰ পুত্ৰ অবচালোমৰ তামাৰ নামেৰে এজনী শুৱনি ভনীয়েক আছিল। আৰু দায়ূদৰ পুত্ৰ অম্নোন তাইলৈ কামাসক্ত হ’ল;

তাৰ পাছত যোৱাব উঠি গচুৰলৈ গৈ অবচালোমক যিৰূচালেমলৈ আনিলে।

তেতিয়া ৰজাই ক’লে, সি নিজ ঘৰলৈ ঘূৰি আহিব পাৰে কিন্তু মোৰ মুখ হ’লে সি দেখিবলৈ নাপাওঁক। তেতিয়া অবচালোমে নিজৰ ঘৰলৈ ঘূৰি গ’ল কিন্তু ৰজাৰ মুখ দেখিবলৈ নাপালে।

তেতিয়া অবচালোমে যোৱাবক ক’লে, “চোৱা, মই তোমাক খবৰ পঠিয়াইছিলো বোলে, ‘তুমি মোৰ ওচৰলৈ আহা যাতে মই তোমাক ৰজাৰ ওচৰলৈ ক’বলৈ পঠিয়াম যে, “মই গচুৰৰ পৰা কেলেই আহিলোঁ? এতিয়ালৈকে তাত থকা হ’লে মোৰ ভাল আছিল৷ এতিয়া এই হেতুকে মোক ৰজাৰ মুখ দেখিবলৈ দিয়ক আৰু যদি মোত কিবা অপৰাধ আছে তেতিয়া হ’লে তেওঁ যেন মোক বধ কৰক৷” ’”

তাৰ পাছত চাৰি বছৰৰ শেষত, অবচালোমে ৰজাক ক’লে, “মই আপোনাক বিনয় কৰিছোঁ, মই যিহোৱালৈ যি এটা সঙ্কল্প কৰিলোঁ তাক হিব্ৰোণত পালন কৰিবৰ বাবে মোক যাবলৈ অনুমতি দিয়ক।

কিয়নো আপোনাৰ দাস মই যেতিয়া অৰাম দেশৰ গচুৰত প্ৰবাস কৰি আছিলোঁ, তেতিয়া মই এই সঙ্কল্প কৰি কৈছিলোঁ, ‘যদি যিহোৱাই মোক নিশ্চয়ে যিৰূচালেমলৈ ওভোটাই নিয়ে, তেতিয়া মই যিহোৱাক সেৱাভক্তি কৰিম।’”

তেতিয়া ৰজাই অধৈৰ্য হৈ নগৰৰ দুৱাৰৰ ওপৰৰ কোঁঠালিলৈ উঠি ক্ৰন্দন কৰিবলৈ ধৰিলে৷ আৰু ইফাল-সিফালে ফুৰি ক’লে, “হায় মোৰ পুত্ৰ অবচালোম! হায় মোৰ পুত্ৰ! হায় মোৰ পুত্ৰ অবচালোম! তোমাৰ সলনি মই মৰা হ’লেই ভাল আছিল! হায় অবচালোম! হায় মোৰ পুত্ৰ! মোৰ পুত্ৰ!”

এই হেতুকে দায়ূদে তেওঁৰ নিজ দুজনী ভাৰ্য্যা, যিজ্ৰীয়েলৰ অহীনোৱম আৰু কৰ্মিলীয়া মৃত নাবলৰ তিৰোতা অবীগলক লগত লৈ সেই ঠাইলৈ গ’ল।

তেওঁৰ পিতৃয়ে কেতিয়াও তেওঁক কষ্ট দি এইদৰে কোৱা নাই, “তুমি কিয় এইবোৰ কৰিছা?” অদোনিয়া দেখিবলৈ বৰ সুন্দৰ আছিল, তেওঁ অৱচালোমৰ পাছত জন্মিছিল।

তেতিয়া তেওঁ ক’লে, “কোৱা।” তেতিয়া অদোনিয়াই ক’লে, “তুমি জানা যে ৰাজ্য মোৰহে আছিল, আৰু মইহে ৰজা হ’ম বুলি গোটেই ইস্ৰায়েলে মোক আশা কৰিছিল৷ তথাপি ৰাজ্য সলনি হৈ মোৰ ভাইৰ হ’ল, কিয়নো যিহোৱাৰ দ্বাৰাইহে তেওঁ হ’ল।

হিব্ৰোণত জন্ম হোৱা দায়ূদৰ সন্তান সকলৰ নাম: তেওঁৰ প্ৰথম পুত্র অম্নোন, তেওঁ যিজ্ৰিয়েলীয়া অহীনোৱমৰ পুত্র; দ্বিতীয় দানিয়েল, তেওঁ কৰ্মিলীয়া অবীগলৰ পুত্র;

তৃতীয় অবচালোম, তেওঁ গচুৰৰ তল্ময় ৰজাৰ জীয়েক মাখাৰ পুত্র; চতুৰ্থ অদোনীয়া, তেওঁ হগ্গীতৰ পুত্র;

যায়ীৰ নামৰে মনচিৰ এজন বংশধৰে গচুৰীয়া আৰু মাখাথীয়াসকলৰ সীমালৈকে গোটেই অর্গোব অঞ্চলটো অধিকাৰ কৰি নিজৰ নাম অনুসাৰে সেই ঠাইৰ নাম, এনেকি বাচানৰো নাম হব্বোৎ-যায়ীৰ ৰাখিছিল। আজিলৈকে এই নাম আছে।)

কিন্তু ইস্ৰায়েলৰ সন্তান সকলে গচুৰীয়া আৰু মাখাথীয়াসকলক দূৰ কৰা নাছিল; বৰং গচুৰীয়া আৰু মাখাথীয়াসকলে ইস্ৰায়েলৰ সন্তান সকলৰ মাজত আজিলৈ বাস কৰি আছে।

তেওঁৰ নাম নাবল আছিল, আৰু তেওঁৰ ভাৰ্য্যাৰ নাম অবীগল আছিল। মহিলাগৰাকী জ্ঞানী আৰু দেখাত ধুনীয়া আছিল, কিন্তু মানুহজন কঠিন-মনা আৰু দুষ্ট আছিল। তেওঁ কালেবৰ বংশৰ আছিল।

অবীগলে শীঘ্ৰে গাধত উঠি, নিজৰ পাঁচ জনী যুৱতী দাসীৰ সৈতে দায়ূদৰ বার্তাবাহকসকলৰ পাছত গ’ল, আৰু দায়ূদৰ ভাৰ্যা হ’ল।

সেই সময়ত দায়ুদ আৰু তেওঁৰ লোকসকলে গৈ, গচুৰীয়া, গিৰ্জীয়া, আৰু অমালেকীয়া লোকসকলক আক্ৰমণ কৰিবলৈ গৈছিল; কিয়নো এই লোকসকলে অতীতত চূৰৰ পৰা মিচৰ দেশলৈকে বাস কৰি আছিল।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন