Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



2 চমূ 3:14

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

তেতিয়া দায়ূদে চৌলৰ পুত্ৰ ঈচ্‌বোচতৰ ওচৰলৈ দূত পঠিয়াই কোৱালে, বোলে, “যাক মোলৈ বাগ্দান কৰা হ’ল, মোৰ সেই মীখলক মোক দিয়া, যাৰ বাবে মই পলেষ্টীয়াসকলৰ এশ লিঙ্গাগ্ৰ- চৰ্ম্ম দিলোঁ।”

অধ্যায়টো চাওক কপি কৰক

7 পৰস্পৰ সংযোগসমূহ  

চৌলৰ পুত্ৰ ঈচ্‌বোচতৰ চল্লিশ বছৰ বয়সত ইস্ৰায়েলৰ ওপৰত ৰাজত্ব কৰিবলৈ আৰম্ভ কৰি দুবছৰলৈ ৰাজ্য শাসন কৰিলে৷ কিন্তু যিহূদাৰ বংশ দায়ূদৰ পাছত চলোঁতা আছিল।

তাতে ঈচ্‌বোচতে মানুহ পঠিয়াই লয়িচৰ পুত্ৰ পল্টীয়েল নামেৰে মীখলৰ স্ৱামীৰ পৰা তাইক লৈ আহিল।

তেতিয়া যিহোৱাৰ নিয়ম-চন্দুকটি দায়ূদৰ নগৰত সোমাওঁতে, চৌলৰ জীয়েক মীখলে খিড়িকি দুৱাৰেদি চাই আছিল৷ যিহোৱাৰ আগত দায়ুদ ৰজাক ডেও দি নাচি থকা দেখি, মনতে তেওঁক তুচ্ছ জ্ঞান কৰিলে।

যীচু খ্ৰীষ্টৰ জন্ম এইদৰে হৈছিল৷ যীচুৰ মাক মৰিয়মক যোচেফলৈ বাগ্দান কৰা হৈছিল, কিন্তু তেওঁলোক একেলগ হোৱাৰ পূৰ্বেই মৰিয়মে পবিত্ৰ আত্মাৰ শক্তিত গৰ্ভৱতী হোৱা অনুভৱ কৰিলে।

তেতিয়া চৌলে ক’লে, “তোমালোকে দায়ূদক এইদৰে কোৱা, ‘ৰজাই একো যৌতুক নিবিচাৰে, কেৱল ৰজাৰ শত্ৰুবোৰৰ প্ৰতিকাৰ সাধিবৰ কাৰণ পলেষ্টীয়াসকলৰ এশ লিঙ্গাগ্ৰ-চৰ্ম্ম বিচাৰিছে’।” এইদৰে চৌলে দায়ূদক ফিলিষ্টীয়াসকলৰ হাতেৰে বধ কৰিবলৈ চিন্তা কৰিলে।

সেই সময় উকলি যোৱাৰ পূৰ্বে, দায়ূদে লোকসকলৰ সৈতে গ’ল, আৰু পলেষ্টীয়াসকলৰ দুশ জনক বধ কৰিলে। ৰজাৰ জোঁৱাই হ’বৰ কাৰণে তেওঁ সম্পূৰ্ণ দুশ জনৰ লিঙ্গাগ্ৰ-চৰ্ম্ম আনি ৰজাক দিলে। তাতে চৌলে তেওঁৰ লগত নিজ জীয়েক মীখলক বিয়া দিলে।

কিন্তু চৌলে নিজৰ জীয়েক দায়ূদৰ ভাৰ্যা মীখলক লৈ, গল্লীম নিবাসী লয়িচৰ পুত্র পল্টিক দিছিল।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন