Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



2 চমূ 3:10

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

চৌলৰ পৰিয়ালৰ পৰা ৰাজ্য হস্তান্তৰ কৰিব আৰু দানৰ পৰা বেৰ-চেবা লৈ, সমগ্র ইস্ৰায়েল আৰু যিহূদাৰ ওপৰত সিংহাসন স্থাপন কৰিব।”

অধ্যায়টো চাওক কপি কৰক

9 পৰস্পৰ সংযোগসমূহ  

কিন্তু মই এই পৰামৰ্শ দিওঁ যে দানৰে পৰা বেৰ-চেবালৈকে, সাগৰৰ তীৰত থকা বালিৰ নিচিনা অসংখ্যক ইস্ৰায়েলক আপোনাৰ আগত গোট খুউৱা হওঁক আৰু যেন আপুনি নিজেও যুদ্ধলৈ যাওঁক।

তাতে ৰজাই তেওঁৰ ওচৰত থকা প্ৰধান সেনাপতি যোৱাবক ক’লে, “মই ইস্ৰায়েলৰ লোকসকলৰ সংখ্যা জানিবৰ বাবে, তুমি দানৰে পৰা বেৰ-চেবালৈকে ইস্ৰায়েলৰ সকলো ফৈদৰ মাজত যোৱা আৰু তোমালোকে লোকসকলক গণনা কৰা।”

তাতে ঈচবোচতে অবনেৰক পুনৰ কোনো কথা ক’ব নোৱাৰিলে; কাৰণ অবনেৰলৈ তেওঁ ভয় কৰিলে।

অবনেৰে দায়ূদৰ ওচৰত বাখ্যা কৰি ক’লে, মই উঠি গৈ মোৰ প্ৰভু মহাৰাজৰ গুৰিলৈ ইস্ৰায়েলৰ সকলোকে গোটাই আনোগৈ, যেন তেওঁলোকে আপোনাৰে সৈতে এটি চুক্তি কৰিব আৰু আপুনি আপোনাৰ মনৰ ইচ্ছাৰ দৰে যেন সকলোৰে ওপৰত ৰাজত্ব কৰিব। পাছত দায়ূদে অবনেৰক বিদাই দিয়াত, তেওঁ শান্তিৰে প্ৰস্থান কৰিলে।

চলোমনৰ ৰাজত্বৰ সকলো সময়ত, প্ৰতিজনে দানৰ পৰা বেৰ-চেবালৈকে, যিহূদা আৰু ইস্ৰায়েলত নিজ দ্ৰাক্ষালতাৰ আৰু নিজ নিজ ডিমৰু গছৰ তলত নিৰ্ভয়ে বাস কৰিছিল।

পাছত ইস্ৰায়েলৰ সন্তানসকল একত্রিত হ’ল আৰু তেওঁলোকৰ দানৰ পৰা বেৰ-চেবা পর্যন্ত, আনকি গিলিয়দ চহৰৰ পৰাও আহিছিল। তেওঁলোকে মিস্পাত যিহোৱাৰ সন্মুখত গোট খালে।

চমূৱেলে তেওঁক ক’লে, “যিহোৱাই আজি তোমাৰ পৰা ইস্ৰায়েলৰ ৰাজত্ব টানি ফালিলে, আৰু তোমাতকৈয়ো উত্তম তোমাৰ এজন চুবুৰীয়াক দিলে।

যিহোৱাই যেনেদৰে মোৰ যোগেদি কৈছিল, তেওঁ তেনেকৈ কৰিলে; আৰু তেওঁ তোমাৰ হাতৰ পৰা ৰাজ্য কাঢ়ি লৈ দায়ূদক দিলে।

তাতে চমূৱেল যে যিহোৱাৰ ভাববাদী হ’বৰ অৰ্থে বিশ্বাসৰ পাত্ৰ হৈছে, সেই বিষয়ে দানৰ পৰা বেৰ-চেবালৈকে গোটেই ইস্ৰায়েলে জানিলে।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন