Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



2 চমূ 24:24

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

ৰজাই অৰৌণাক ক’লে, “সেয়ে হ’ব নোৱাৰে, মই মূল্য দি তোমাৰ পৰা সকলো কিনিহে লম; মই নিজ ঈশ্বৰ যিহোৱাৰ উদ্দেশে বিনামূল্যে হোম-বলি উৎসৰ্গ নকৰোঁ।” এই বুলি দায়ূদে পঞ্চাশ চেকল ৰূপ দি, সেই মৰণা মৰা খলা আৰু গৰুবোৰ কিনি ল’লে।

অধ্যায়টো চাওক কপি কৰক

8 পৰস্পৰ সংযোগসমূহ  

“নহয়, মোৰ মালিক, মোৰ কথা শুনক, পথাৰ খন মই আপোনাক দিছোঁ আৰু তাত থকা গুহাটো মই আপোনাক দিছোঁ; মই স্ব-জাতীয় সকলৰ সাক্ষাতেই আপোনাক দিছোঁ; যাতে আপোনাৰ ইচ্ছামতে নিজ পত্নীক মৈদাম দিয়ে।”

আৰু বাসিন্দাসকলে শুনাকৈ ইফ্রোণক ক’লে, কিন্তু “মই সেই মাটিৰ উচিত দাম আপোনাক দিবলৈ বিচাৰো। মই দিয়া দাম অনুগ্রহ কৰি আপুনি গ্রহণ কৰক, পাছত মই সেই ঠাইত মোৰ মৃত পত্নীক মৈদাম দিম।”

পাছত অব্ৰাহামে ইফ্রোণৰ কথাত মান্তি হৈ, হেতৰ সন্তান সকলে শুনাকৈ তেওঁ যি ৰূপৰ কথা কৈছিল, সেই চাৰি শ চেকল ৰূপ বণীয়াহঁতৰ দ্বাৰাই জুখি তেওঁক দিলে।

ইস্ৰায়েলৰ বিৰুদ্ধে শত্রু থিয় হৈ ইস্ৰায়েলক গণনা কৰিবলৈ দায়ূদক উচটাইছিল।

তাৰ পাছত দায়ূদে ক’লে, “এয়ে ঈশ্বৰ যিহোৱাৰ গৃহৰ ঠাই আৰু ইস্ৰায়েলৰ হোম-বলি উৎসৰ্গৰ অৰ্থে পবিত্র-বেদি হ’ব।”

অপকাৰৰ সলনি কাৰো অপকাৰ নকৰিব৷ সকলো মানুহে দেখাত যি উত্তম, সেই উত্তমলৈ চিন্তা কৰক৷




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন