Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



2 চমূ 24:22

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

তেতিয়া অৰৌণাই দায়ূদক ক’লে, “মোৰ প্ৰভু মহাৰাজৰ দৃষ্টিত যি ভাল হয়, তাকে লৈ উৎসৰ্গ কৰক; চাওঁক, হোম-বলিৰ বাবে এই গৰুবোৰ আৰু খৰিৰ বাবে মৰণা মৰা যন্ত্ৰ আৰু গৰুবোৰৰ যুৱঁলি আছে৷

অধ্যায়টো চাওক কপি কৰক

5 পৰস্পৰ সংযোগসমূহ  

“নহয়, মোৰ মালিক, মোৰ কথা শুনক, পথাৰ খন মই আপোনাক দিছোঁ আৰু তাত থকা গুহাটো মই আপোনাক দিছোঁ; মই স্ব-জাতীয় সকলৰ সাক্ষাতেই আপোনাক দিছোঁ; যাতে আপোনাৰ ইচ্ছামতে নিজ পত্নীক মৈদাম দিয়ে।”

তেতিয়া ইলীচাই তেওঁৰ ওচৰৰ পৰা উলটি গ’ল আৰু সেই হাল ষাঁড়বোৰ বধ কৰি, তাৰ নাঙল আৰু যুঁৱলিৰ কাঠেৰে তাৰ মঙহ তৈয়াৰ কৰিলে আৰু লোকসকলক দিলে; তাতে তেওঁলোকে সেয়ে ভোজন কৰিলে। তাৰ পাছত তেওঁ উঠি এলিয়াৰ অনুগামী হৈ তেওঁৰ পৰিচৰ্যা কৰিলে।

তেতিয়া দায়ূদে অৰ্ণনক ক’লে, “তুমি মৰণা মৰা এই ঠাইডোখৰ মোক দিয়া, যাতে মই এই ঠাইতে যিহোৱাৰ উদ্দেশে এটা যজ্ঞবেদী নিৰ্ম্মাণ কৰিব পাৰোঁ। মই ইয়াৰ সম্পূৰ্ণ দাম দিম, যাতে লোকসকলৰ মাজৰ পৰা মহামাৰী দূৰ হয়।

তাৰ পাছত এই পাহাৰৰ ওপৰত তোমাৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে ভালদৰে এটা বেদী নিৰ্ম্মাণ কৰা। পাছত দ্বিতীয় ভতৰাটো লৈ সেই আচেৰা মূর্ত্তিৰ খুটিৰ যি কাঠ তুমি কাটিবা তাক জ্বলাই হোম-বলি উৎসৰ্গ কৰা।

ৰথখন বৈৎচেমচ নিবাসী যিহোচূৱাৰ পথাৰ পালে আৰু যি ঠাইত ডাঙৰ শিল এটা আছিল, সেই ঠাইতে ৰ’লহি৷ তাৰ পাছত তেওঁলোকে ৰথৰ কাঠ ফালি, গৰু দুজনীক হোমৰ অৰ্থে যিহোৱাৰ উদ্দেশ্য উৎসৰ্গ কৰিলে।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন