Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



2 চমূ 24:13

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

তাতে গাদে দায়ূদৰ ওচৰলৈ গৈ তেওঁক ক’লে, “তোমাৰ দেশত সাত বছৰ আকাল হ’ব লাগে নে? বা তোমাৰ শত্ৰুবোৰ পাছে পাছে খেদি যাওঁতে, তুমি সিহঁতৰ আগে আগে তিনি মাহলৈকে পলাই থাকিবা? নাইবা দেশত তিনি দিনলৈকে মহামাৰী হ’ব? এতিয়া মোক পঠোৱা জনাক মই কি উত্তৰ দিম, তাক এতিয়াই বিবেচনা কৰি চোৱা।”

অধ্যায়টো চাওক কপি কৰক

20 পৰস্পৰ সংযোগসমূহ  

দায়ূদৰ ৰাজত্ব কালত ক্ৰমান্বয়ে তিনি বছৰলৈকে আকাল হ’ল আৰু সেয়ে দায়ুদে যিহোৱাক বিচাৰিলে৷ তেতিয়া যিহোৱাই ক’লে, “চৌল আৰু তেওঁৰ ৰক্তপাতী বংশৰ কাৰণে এই আকাল তোমালৈ হৈছে কিয়নো তেওঁ গিবিয়োনীয়া লোকসকলক বধ কৰিলে।”

“তুমি গৈ দায়ূদক কোৱা: ‘যিহোৱাই এই কথা কৈছে, মই তোমাৰ আগত তিনিটা দণ্ড ৰাখিছো; তাৰ মাজৰ এটা বাচি লোৱা, মই তাকেই তোমালৈ কৰিম’।”

যি গৰাকী মহিলাৰ পুতেকক ইলীচাই জীয়াই তুলিছিল, এদিন তেওঁ সেই মহিলাক ক’লে, “তুমি তোমাৰ পৰিয়ালেৰে সৈতে আন যি ঠাইতে পাৰা সেই ঠাইলৈকে গৈ কিছুকাল থাকা, কিয়নো যিহোৱাই এই দেশত আকাল পঠাই দিব আৰু সেয়ে সাত বছৰ ধৰি থাকিব।”

নাইবা তিনি বছৰ আকাল হ’ব, বা তিনি মাহলৈকে শত্ৰুবোৰৰ তৰোৱাল আপোনাৰ দেশত ব্যাপ্ত হৈ আপোনাক অত্যাচাৰ কৰিব, বা তিনি দিনলৈকে যিহোৱাৰ তৰোৱাল, অৰ্থাৎ দেশত মহামাৰীৰ লগত ইস্ৰায়েল দেশৰ সীমাত সংহাৰ কৰোঁতা যিহোৱাৰ দূতে ভ্ৰমণ কৰিব।’ এই হেতুকে যিজন সৰ্ব্বশক্তিমান ঈশ্বৰে মোক পঠালে, তেওঁক কি উত্তৰ দিম, তাক এতিয়া বিবেচনা কৰি চাওক।”

অন্ধকাৰত ঘূৰি ফুৰা মহামাৰীলৈ নাইবা দুপৰীয়া সময়ত অহা ধ্বংসকাৰী আঘাতলৈ তুমি ভয় নকৰিবা।

যিহোৱাই নদী প্ৰহাৰ কৰা সাত দিন পূৰ হ’ল।

“হে মনুষ্য সন্তান, যদি এখন দেশে সত্য লঙ্ঘন কৰি মোৰ বিৰুদ্ধে পাপ কৰে আৰু মই তাৰ অহিতে মোৰ হাত মেলি তাৰ অন্নৰূপ লাখুটি ভাঙো আৰু তালৈ আকাল পঠিয়াই তাৰ পৰা মানুহ আৰু পশু সকলোকে উচ্ছন্ন কৰোঁ;

তাতে তোমালোকৰ পৰিশ্ৰম বিফল হ’ব; কিয়নো তোমালোকৰ ভুমিয়ে শস্য উৎপন্ন নকৰিব; আৰু দেশৰ গছবোৰত গুটি নালাগিব।

আৰু নিয়মটিৰ উলঙ্ঘন প্ৰতিফল দিবলৈ তোমালোকলৈ তৰোৱাল আনিম, আৰু তোমালোকে নগৰৰ মাজত গোট খালে তোমালোকৰ মাজলৈ মহামাৰী পঠিয়াম; আৰু তোমালোকক শত্ৰুৰ হাতত শোধাই দিয়া যাব।

মই সত্যতাৰে আপোনালোকক কওঁ যে, এলিয়াৰ দিনত যেতিয়া চাৰে তিনি বছৰ ধৰি বৰষুণ নোহোৱাকৈ আকাশ বন্ধ আছিল আৰু গোটেই দেশত বৰ আকাল হৈছিল, সেই সময়ত ইস্ৰায়েল দেশত অনেক বিধৱা আছিল;

সংক্রামক ৰোগ যেনে ক্ষয় ৰোগ, জ্বৰ, জ্বলন, খৰাং, ঘামগাঁৰ, গৰম শুকান বতাহ, আৰু ককৰ্তনীয়া এইবোৰৰ দ্বাৰাই যিহোৱাই আপোনালোকক মাৰিব; আপোনালোক বিনষ্ট নোহোৱালৈকে সেইবোৰে আপোনালোকৰ লগ নেৰিব।

যিহোৱাই আপোনালোকৰ শত্ৰুবোৰৰ আগত আপোনালোকক ঘটুৱাব; আপোনালোকে এক বাটে তেওঁলোকৰ অহিতে ওলাই যাব, কিন্তু সাত বাটেদি তেওঁলোকৰ আগৰ পৰা পলাই আহিব; পৃথিবীৰ সকলো ৰাজ্যৰ মাজত আপোনালোক সিচঁৰিত হ’ব।

যিহোৱাই আপোনালোকক মিচৰীয় বিহ ফোঁহোৰা, খহু, ফাপৰ, আৰু খজুলি এনেবোৰ সুস্থ কৰিব নোৱাৰা ৰোগেৰে আক্রান্ত কৰিব।

যিহোৱাই আপোনালোকৰ আঠু, কৰঙন আৰু ভৰি তলুৱাৰ পৰা মূৰলৈকে, সুস্থ কৰিব নোৱাৰা বিহ ফোঁহোৰাৰে আপোনালোকক আক্রান্ত কৰিব।

তেওঁলোকে আপোনালোকৰ নগৰৰ দুৱাৰবোৰ অৱৰোধ কৰি ৰাখিব, আৰু শেষত গোটেই দেশৰ যিবোৰ ওখ আৰু দৃঢ় গড়ত আপোনালোকে ভাৰসা কৰিব, সেয়ে ভাঙি পৰিব। আপোনালোকৰ ঈশ্বৰ যিহোৱাই যি দেশ আপোনালোকক দিবলৈ গৈছে, সেই দেশৰ সকলো নগৰৰ দুৱাৰৰ ভিতৰত সেই জাতিয়ে আপোনালোকক অৱৰোধ কৰি ৰাখিব।

সেয়ে এতিয়া কি কৰা উচিত, সেই বিষয়ে আপুনি বিবেচনা কৰি চাওক; কাৰণ আমাৰ মালিক আৰু তেওঁৰ বংশৰসকলোৰে বিৰুদ্ধে অমঙ্গল থিৰ কৰা হৈছে; কাৰণ তেওঁ এনে দুৰ্জন যে, তেওঁক কোনোৱে একো ক’ব নোৱাৰে।”




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন