2 চমূ 24:1ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019পাছত ইস্ৰায়েলৰ বিৰুদ্ধে যিহোৱাৰ ক্ৰোধ পুনৰায় জ্বলি উঠিল আৰু তেওঁলোকৰ বিৰুদ্ধে দায়ূদৰ প্ৰবৃত্তি জন্মাই তেওঁ ক’লে, “ইস্ৰায়েল আৰু যিহূদাক গৈ গণনা কৰা”। অধ্যায়টো চাওক |
এই হেতুকে বিনয় কৰোঁ, মোৰ প্ৰভু মহাৰাজে আপোনাৰ দাসৰ কথা শুনক। যদি যিহোৱাই মোৰ বিৰুদ্ধে আপোনাক উদগাই থাকে, তেন্তে তেওঁ নৈবেদ্যৰ ঘ্ৰাণ গ্ৰহণ কৰক; কিন্তু যদি মানুহৰ সন্তান সকলেহে তাক কৰে, তেন্তে সিহঁত যিহোৱাৰ সাক্ষাতে শাপগ্ৰস্ত হওঁক; কিয়নো মই যেন যিহোৱাৰ আধিপত্যৰ ভগী নহ’ম, এই কাৰণে সিহঁতে অন্য দেৱতাবোৰৰ আৰাধনা কৰাগৈ বুলি মোক আজি বাহিৰ কৰি খেদিলে।