Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



2 চমূ 23:21

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

আৰু তেওঁ এজন বৰ সুন্দৰ মিচৰীয়াক বধ কৰিছিল৷ সেই মিচৰীয়াৰ হাতত এপাত বৰছা আছিল, কিন্তু তেওঁ এডাল লাখুটি লৈ সেই মিচৰীয়াজনৰ সৈতে যুঁজিছিল৷ তেওঁ মিচৰীয়াজনৰ হাতৰ পৰা বৰছাপাত কাঢ়ি লৈ, তেওঁৰ বৰছাৰেই তেওঁক বধ কৰিলে।

অধ্যায়টো চাওক কপি কৰক

5 পৰস্পৰ সংযোগসমূহ  

এজন কবচেলীয়া বীৰপুৰুষ, যিহোয়াদাৰ পুত্ৰ যি বনায়া, তেওঁ অনেক মহৎ কাৰ্য কৰিছিল৷ তেওঁ মোৱাবীয়া অৰীয়েলৰ দুজন পুতেকক বধ কৰিছিল৷ তাৰ বাহিৰেও হিম পৰা কালত তেওঁ গৈ গাতৰ ভিতৰত থকা এটা সিংহ মাৰিছিল।

যিহোয়াদাৰ পুত্ৰ বনায়াই এই বীৰত্বপূৰ্ণ কাৰ্যবোৰ কৰিলে আৰু তেওঁ সেই তিনি জন বীৰৰ লগে লগে তেওঁৰো নাম হ’ল।

ইয়াৰ বাহিৰে তেওঁ পাঁচ হাত ওখ এজন মিচৰীয়াকো বধ কৰিছিল। সেই মিচৰীয়াৰ হাতত তাঁতৰ টোলোঠাৰ সমান এপাত যাঠী আছিল, কিন্তু তেওঁ এডাল লাখুটি লৈ সেই মিচৰীয়াজনৰ ওচৰলৈ নামি গৈছিল আৰু তাৰ হাতৰ পৰা যাঠী পাত কাঢ়ি লৈ, তাৰ যাঠীৰে তাক বধ কৰিছিল।

তেওঁ সকলো আধিপত্য আৰু শাসনকৰ্তাবোৰক অপসাৰিত কৰিলে, আৰু তেওঁলোকক মুকলিভাবে প্ৰকাশিত কৰিলে আৰু তেওঁৰ ক্ৰুচৰ যোগেদি এটা বিজয়ৰ শোভাযাত্ৰাত তেওঁলোকক চালিত কৰিলে৷

তেতিয়া দায়ূদে লৰি গৈ পলেষ্টীয়াজনৰ কাষত থিয় হৈ তাৰ তৰোৱাল ফাকৰ পৰা উলিয়াই তাৰেই তাক বধ কৰিলে আৰু সেই তৰোৱালেৰেই তাৰ মূৰ কাটি পোলালে। তেতিয়া ফিলিষ্টীয়া সকলে তেওঁলোকৰ সেই মহাবীৰ মৰা দেখি পলাল।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন