তেতিয়া যোৱাবৰ লোকসকল, লগত কৰেথীয়া আৰু পেলেথীয়া লোকসকলৰ সৈতে আৰু সকলো বীৰ পুৰুষ তেওঁৰ পাছে পাছে ওলাই গ’ল৷ তেওঁলোকে বিখ্ৰীৰ পুত্ৰ চেবাৰ পাছে পাছে খেদি যাবৰ বাবে যিৰূচালেমৰ পৰা গ’ল।
তেওঁৰ দাসবোৰ তেওঁৰ লগে লগে কুচকাৱাজ কৰি খোজ কাঢ়ি গ’ল আৰু সকলো কৰেথীয়া, পেলেথীয়া আৰু সকলো গাতীয়া লোক অৰ্থাৎ ছশ লোক তেওঁৰ পাছে পাছে গাতৰ পৰা অহা ৰজাৰ আগে আগে গ’ল।
সেই সময়ত যোৱাব ইস্ৰায়েলৰ প্ৰধান সেনাপতি আছিল আৰু যিহোয়াদাৰ পুত্ৰ বনায়া কৰেথীয়া আৰু পেলেথীয়াসকলৰ ওপৰত অধ্যক্ষ আছিল৷
চৰূয়াৰ পুত্ৰ যোৱাব আছিল প্ৰধান সেনাপতি, অহীলূদৰ পুত্ৰ যিহোচাফট্ আছিল ইতিহাস লিখক৷
যিহোয়াদাৰ পুত্ৰ বনায়া, কৰেথীয়া আৰু পেলেথীয়াসকলৰ অধ্যক্ষ আছিল আৰু দায়ূদৰ পুত্ৰসকল আছিল মন্ত্ৰী।
তাতে ৰজাই তেওঁলোকক ক’লে, “তোমালোকে নিজ প্ৰভুৰ দাসবোৰক লগত লৈ, মোৰ পুত্ৰ চলোমনক মোৰ নিজৰ খছৰত তুলি গীহোনলৈ লৈ যোৱা৷
পাছত চাদোক পুৰোহিত, নাথন ভাববাদী, যিহোয়াদাৰ পুত্ৰ বনায়া, কৰেথীয়া আৰু পেলেথীয়াসকল নামি গ’ল আৰু খছৰৰ ওপৰত চলোমনক উঠাই লৈ তেওঁলোক গীহোনলৈ গ’ল।
আৰু ৰজাই চাদোক পুৰোহিতক, নাথন ভাববাদীক, যিহোয়াদাৰ পুত্ৰ বনায়া, কৰেথীয়া আৰু পেলেথীয়াসকলক তেওঁৰ লগত পঠালে৷ আৰু তেওঁলোকে তেওঁক ৰজাৰ খছৰত তুলিলে৷
আমি কৰেথীয়াসকলৰ নেগেভ অঞ্চলত উপদ্ৰৱ চলাইছলোঁ; যিহূদাৰ অধিকাৰত থকা আৰু কালেবৰ অধিকাৰত নেভেগ অঞ্চলত আক্ৰমণ কৰিছিলোঁ। আমি চিক্লগ জ্ৱলাই দিছিলোঁ।”