পাছত অচাহেলে সোঁ কি বাওঁফালে নুঘূৰি অবনেৰৰ পাছে পাছে খেদি গ’ল।
সেই ঠাইত যোৱাব, অবীচয় আৰু অচাহেল নামেৰে চৰূয়াৰ এই তিনিজন পুত্ৰ আছিল৷ অচাহেল বনৰীয়া হৰিণৰ নিচিনা বেগী আছিল।
তেতিয়া অবনেৰে পিছলৈ ঘূৰি চাই সুধিলে, “তুমি অচাহেল হোৱানে?” তেওঁ কলে, “মই হওঁ।”
তাতে অবনেৰে তেওঁক ক’লে, “তুমি সোঁহাতে বা বাওঁহাতে ঘূৰি, সৌ ডেকাসকলৰ কোনো এজনক ধৰি তেওঁ পিন্ধা গাৰ কৱচ লোৱাগৈ।” কিন্তু অচাহেলে তেওঁৰ পাছত খেদি যোৱাৰ পৰা ঘূৰিবলৈ মান্তি নহ’ল।
যেতিয়া অবনেৰ হিব্ৰোণলৈ ঘূৰি আহিল, যোৱাবে তেওঁক গুপুতে কথা ক’বৰ ছলেৰে নগৰৰ দুৱাৰৰ ভিতৰলৈ তেওঁক এফলীয়াকৈ লৈ গৈ, নিজ ভায়েক অচাহেলৰ ৰক্তপাতৰ কাৰণে, সেই ঠাইতে তেওঁৰ পেটত এনেকৈ আঘাত কৰিলে, যে তেওঁৰ তাতেই মৃত্যু হ’ল।
এইদৰে যোৱাবে আৰু তেওঁৰ ভায়েক অবীচয়ে, গিবিয়োনৰ যুদ্ধত নিজৰ ভাই অচাহেলক বধ কৰাৰ কাৰণে অবনেৰক বধ কৰিলে।
যিহোৱাৰ দৃষ্টিত যি ভাল, যোচিয়াই তাকে কৰিছিল আৰু তেওঁৰ পূর্বপুৰুষ দায়ুদৰ সকলো পথত চলিছিল। সেই পথৰ পৰা সোঁ কি বাওঁ কোনোফালে ঘূৰা নাছিল।
সোঁ হাতে কি বাওঁ হাতে নুঘুৰিবা, মন্দৰ পৰা তোমাৰ ভৰি দূৰত ৰাখিবা।”
মোৰ দাস মোচিয়ে তোমাক আজ্ঞা কৰা গোটেই ব্যৱস্থা সাৱধানে পালন কৰি সেই মতে কাৰ্য কৰিবলৈ, মথোন তুমি বলৱান আৰু অতিশয় সাহসিয়াল হোৱা; তুমি যি যি ঠাইলৈ যোৱা, সেই সকলো ঠাইতে কৃতকাৰ্য্য হ’বৰ কাৰণে তুমি সেই ব্যৱস্থাৰ পৰা সোঁ কি বাওঁহাতে নুঘূৰিবা।
এতেকে, তোমালোকে মোচিৰ বিধান অনুসাৰে সোঁ কি বাওঁফালে যেন নুঘূৰিবা,