Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



2 চমূ 2:13

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

এনেতে চৰূয়াৰ পুত্ৰ যোৱাব আৰু দায়ূদৰ দাসবোৰ ওলাই গিবিয়োনৰ পুখুৰীৰ ওচৰত তেওঁলোকৰ সন্মুখত উপস্থিত হ’ল৷ এদল পুখুৰীৰ ইপাৰে আন দল পুখুৰীৰ সিপাৰে বহিল।

অধ্যায়টো চাওক কপি কৰক

13 পৰস্পৰ সংযোগসমূহ  

সেই ঠাইত যোৱাব, অবীচয় আৰু অচাহেল নামেৰে চৰূয়াৰ এই তিনিজন পুত্ৰ আছিল৷ অচাহেল বনৰীয়া হৰিণৰ নিচিনা বেগী আছিল।

সেই সময়ত যোৱাব ইস্ৰায়েলৰ প্ৰধান সেনাপতি আছিল আৰু যিহোয়াদাৰ পুত্ৰ বনায়া কৰেথীয়া আৰু পেলেথীয়াসকলৰ ওপৰত অধ্যক্ষ আছিল৷

যেতিয়া তেওঁলোকে গিবিয়োনত থকা মহা-শিলটোৰ ওচৰ পালে তেতিয়া অমাচাই তেওঁলোকক লগ কৰিবলৈ আহিল৷ যোৱাবৰ ককালত ৰণৰ সাজ বন্ধা আছিল আৰু তাতে নিজৰ ককালত বন্ধা ফাকত থকা তৰোৱালে সৈতে এগছ টঙালি আছিল৷ তেওঁ আগবাঢ়ি যাওঁতে, সেই তৰোৱাল মাটিত পৰিল।

যোৱাবৰ ভায়েক অচাহেল ত্ৰিশ জনৰ মাজৰ এজন আছিল; বৈৎলেহেমীয়া দোদৰ পুত্ৰ ইলহানন,

চৰূয়াৰ পুত্ৰ যোৱাব আছিল প্ৰধান সেনাপতি, অহীলূদৰ পুত্ৰ যিহোচাফট্‌ আছিল ইতিহাস লিখক৷

তেওঁ অবিয়াথৰ পুৰোহিত আৰু চৰূয়াৰ পুত্ৰ যোৱাবৰ লগত আলোচনা কৰিলে। তেতিয়া তেওঁলোকে অদোনীয়াক অনুসৰণ কৰিলে আৰু তেওঁক সহায় কৰিলে।

চৰূয়াৰ পুত্ৰ যোৱাবে মোৰ বিৰুদ্ধে যি কৰিলে, অৰ্থাৎ নেৰৰ পুত্ৰ অবনেৰ আৰু যেথৰৰ পুত্ৰ অমাচা, ইস্ৰায়েলৰ এই দুজন সেনাপতিলৈ যি কৰিলে, সেই বিষয়ে তুমি জানা৷ তেওঁ তেওঁলোকক বধ কৰি যুদ্ধৰ সময়ত কৰাৰ দৰে শান্তিৰ সময়তো ৰক্তপাত কৰিলে আৰু সেই ৰক্ত তেওঁৰ কটিবন্ধনত আৰু ভৰিৰ জোতাত লগালে।

দায়ূদে ক’লে, “যি কোনোৱে প্ৰথমে যিবুচীয়াসকলক আক্রমণ কৰিব, তেওঁ প্ৰধান সেনাপতি হ’ব।” চৰূয়াৰ পুত্ৰ যোৱাবে প্ৰথমে আক্ৰমণ কৰিলে, সেই বাবে তেওঁকে প্ৰধান সেনাপতি পাতিলে।

তেওঁলোকৰ ভনীয়েক চৰূয়া আৰু অবীগল। চৰূয়াৰ পুত্ৰ তিনি জন, অবীচয়, যোৱাব, আৰু অচাহেল।

যোৱাবৰ ভায়েক অচাহেল চতুৰ্থ মাহৰ কাৰণে সেনাপতি আছিল। তেওঁৰ পুত্ৰ জবদিয়া তেওঁৰ পাছত সেনাপতি হ’ল। তেওঁৰ বিভাগত চৌবিশ হাজাৰ লোক আছিল।

তেতিয়া তেওঁলোকে সকলো মানুহক লগত লৈ নথনিয়াৰ পুতেক ইশ্মায়েলে সৈতে যুদ্ধ কৰিবলৈ গ’ল আৰু গিবিয়োনৰ থকা বৰ পুখুৰীৰ ওচৰত তেওঁক দেখা পালে।

তাতে দায়ূদে হিত্তীয়া অহীমেলক আৰু চৰূয়াৰ পুত্ৰ যোৱাবৰ ভায়েক অবীচয়ক ক’লে, “চৌলৰ ছাউনিৰ ওচৰলৈ মোৰ লগত কোন যাব?” অবীচয়ে ক’লে, “আপোনাৰ লগত মই যাম।”




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন