Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



2 চমূ 19:36

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

আপোনাৰ দাস মই কেৱল মহাৰাজক যৰ্দ্দন পাৰ কৰি লৈ আহিম৷ ৰজাই ইয়াৰ সলনি কেলেই নো এনে অনুগ্ৰহ কৰিব লাগে?

অধ্যায়টো চাওক কপি কৰক

5 পৰস্পৰ সংযোগসমূহ  

এতিয়া মোৰ আশী বছৰ বয়স৷ মই জানো ভাল-বেয়া ভেদ কৰিব পাৰোঁ? বা যি ভোজন কৰোঁ আৰু যি পান কৰোঁ, আপোনাৰ দাসে মই জানো তাৰ কিবা সোৱাদ বুজিব পাৰোঁ? বা এতিয়াও গায়ক আৰু গায়িকাসকলৰ গীতৰ সুৰ জানো শুনি পাওঁ? এনে স্থলত আপোনাৰ দাস, মোৰ প্ৰভু মহাৰাজৰ ভাৰ মই কিয় নো হম, কওঁকচোন?

কিন্তু মিনতি কৰোঁ, আপোনাৰ এই দাসক ঘৰলৈ উলটি যাবলৈ দিয়ক, যাতে মই নিজ নগৰত, নিজ পিতৃ-মাতৃৰ মৈদামৰ কাষতেই মৰিম। কিন্তু চাওক, এয়া আপোনাৰ দাস কিমহম৷ ইয়াক মোৰ প্ৰভু মহাৰাজৰ লগত পাৰ হৈ যাবলৈ দিয়ক আৰু আপোনাৰ দৃষ্টিত যিহকে ভাল দেখে, আপুনি ইয়ালৈ তাকেই কৰক।”

আমাৰ আয়ুস মাত্র সত্তৰ বছৰ, হয়তো শক্তি থাকিলে, আশী বছৰো হ’ব পাৰে; তথাপিতো আমি শক্তি থকা বছৰবোৰত মাথোন দুখ আৰু ক্লেশ থাকে; বছৰবোৰ বেগাই ঢুকাই যায় আৰু আমিও পলকতে উড়ি যাওঁ।

বৃদ্ধকালৰ দুখ-কষ্টৰ দিন আৰু বছৰবোৰ অহাৰ আগেয়েই তুমি যৌৱন কালতেই তোমাৰ সৃষ্টিকর্তাক সোঁৱৰণ কৰা; সেই দিনবোৰত তুমি ক’বা, “জীয়াই থকাত মই আৰু সন্তোষ নাপাওঁ।”

দান কৰা, তাতে তোমালোককো দান দিয়া হ’ব; লোকে ঠিক জোখত হেঁচি, জোকাৰি, উপচাই, তোমালোকৰ কোঁচত বাকি দিব; কিয়নো যি জোখেৰে তোমালোকে জোখা, সেই জোখেৰে তোমালোককো জোখা হ’ব।




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন