Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



2 চমূ 18:9

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

পাছত অবচালোমে দায়ূদৰ সৈন্যসকলক হঠাৎ লগ পালে৷ তেতিয়া অবচালোম নিজৰ খছৰৰ ওপৰত উঠি যাওঁতে, সেই খছৰে তাত থকা এজোপা ডাঙৰ এলা গছৰ ঘন ডালৰ তলেদি যোৱাত, সেই এলা গছত অবচালোমৰ মুৰটো লাগি ধৰিল, তেওঁ আকাশ আৰু পৃথিৱীৰ মাজত ওলমি থাকিল আৰু তলৰ পৰা খচ্ছৰ চলি গৈ থাকিল।

অধ্যায়টো চাওক কপি কৰক

18 পৰস্পৰ সংযোগসমূহ  

তেতিয়া অবচালোমৰ দাসবোৰে তেওঁৰ আজ্ঞাৰ দৰে অম্নোনলৈ কৰিলে। তেতিয়া আন আটাই ৰাজকোঁৱৰসকল উঠি, প্ৰতিজনে নিজ নিজ খছৰৰ পিঠিত উঠি পলাল।

যেতিয়া তেওঁৰ মুৰৰ চুলি অতি গধুৰ হয় তেতিয়া প্ৰত্যেক বছৰৰ শেষত নিজৰ মূৰৰ চুলি কাটি পেলায় আৰু তেওঁ তেওঁৰ সেই কটা চুলি জোখে যাৰ ৰাজ পৰিমাণ অনুসাৰে প্ৰায় দুশ চেকলমান হয়।

পাছত যেতিয়া অহীথোফলে নিজৰ পৰামৰ্শৰ দৰে কাম নোহোৱা দেখিলে তেতিয়া তেওঁ নিজৰ গাধ সজাই তাত উঠি গুছি গ’ল। তেওঁ নিজ নগৰত থকা নিজ ঘৰলৈ গৈ, নিজৰ ঘৰৰ বিষয়ে দিহা দি, নিজে নিজৰ ডিঙিত ফাঁচ লগালে৷ তাতে তেওঁৰ এনেদৰে মৃত্যু হয় আৰু নিজ পিতৃৰ মৈদামতে তেওঁক মৈদাম দিয়া হ’ল।

তেতিয়া কোনো এজন লোকে সেই দৃশ্য দেখা পাই যোৱাবক ক’লে, “চাওঁক, মই এলা গছত অবচালোমক ওলমি থকা দেখিলোঁ।”

তেতিয়া যোৱাবে ক’লে, “মই তোমাৰ কাৰণে ৰখি নাথাকো।” তেতিয়া তেওঁ নিজৰ হাতত তিনিডাল শূল লৈ, অবচালোম এলা গছৰ মাজত জীয়াই ওলমি থাকোঁতেই, তেওঁৰ বুকুৰ মাজেৰে সোমোৱাই দিলে৷

কিয়নো যুদ্ধ সেই অঞ্চলত বিয়পি গ’ল, সেই বাবে তাত তৰোৱালে যিমান লোক গ্ৰাস কৰিলে, হাবিয়ে তাতকৈ অধিক লোক গ্ৰাস কৰিলে।

সেয়ে জানো অধৰ্মিবোৰৰ নিমিত্তে আপদ, আৰু কুকৰ্মীবোৰৰ নিমিত্তে দুৰ্গতি নহয়?

যি জনে নিজৰ পিতৃক নাইবা মাতৃক শাও দিয়ে, ঘোৰ অন্ধকাৰত তাৰ চাকি নুমাই যায়।

যি চকুৱে নিজৰ পিতৃক উপহাস কৰে, আৰু মাতৃৰ আজ্ঞা পালন কৰিবলৈ ঘিণ কৰে, তেওঁৰ চকু উপত্যকাৰ কাউৰীবোৰৰ দ্বাৰাই কাঢ়ি উলিওৱা হ’ব, আৰু শগুণে তেওঁক খাব।

“যি কোনোৱে সেই আপদৰ পৰা পলাব, তেওঁ সেই গাতত পৰিব আৰু যি কোনোৱে সেই গাতৰ পৰা উঠিব, তেওঁ সেই ফান্দত ধৰা পৰিব; কিয়নো যিহোৱাই কৈছে, মই তেওঁৰ ওপৰত, মোৱাবৰেই ওপৰত প্ৰতিফল দিয়াৰ বছৰ আনিম।”

তেতিয়া তেওঁ মন্দিৰত সেই ৰূপ পেলাই দি তাৰ পৰা গুচি গৈ নিজকে নিজে ফাঁচি ল’লে।

কিয়নো মোচিয়ে ক’লে, ‘তুমি তোমাৰ পিতৃ-মাতৃক সন্মান কৰা’ আৰু ‘যি কোনোৱে পিতৃ-মাতৃৰ অহিতে কুবচন বোলে, তেওঁ নিশ্চয়ে মৰক’।

খ্ৰীষ্টই মূল্য দি বিধানৰ শাপৰ পৰা আমাক মুক্ত কৰিলে। কাৰণ, তেওঁ আমাৰ কাৰণে শাপস্বৰূপ হ’ল; কিয়নো লিখা আছে, “যি জনক কাঠত অৰাঁ হয় তেওঁ শাপগ্ৰস্ত।”

কিন্তু তেওঁৰ মৃতদেহটো ৰাতি গছডালৰ ওপৰতে ৰাখি নথব; বৰং একেদিনাই দেহটো পুতি পেলাব। কিয়নো যি জনৰ শৱ আঁৰি থোৱা হয় তেওঁ ঈশ্বৰৰ অভিশপ্ত। সেই কাৰণেই আপোনালোকৰ ঈশ্বৰ যিহোৱাই অধিকাৰৰ অৰ্থে যি দেশ আপোনালোকক দিবলৈ গৈছে, আপোনালোকে সেই দেশ অশুচি নকৰিব।

যি কোনোৱে নিজ পিতৃ-মাতৃক অমান্য কৰিব, তেওঁ অভিশপ্ত হওক; তাতে সকলো লোকে কব ‘আমেন।’

যি কোনোৱে বাপেকৰ ভার্যাৰে সৈতে ব্যভিচাৰ কৰে, তেওঁ বাপেকৰ অধিকাৰ লোৱাৰ কাৰণে অভিশপ্ত হওক; তাতে সকলো লোকে ক’ব ‘আমেন।’




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন