Biblia Todo Logo
পৰস্পৰ সংযোগসমূহ
- বিজ্ঞাপন -



2 চমূ 18:27

ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

তেতিয়া প্ৰহৰীয়ে ক’লে, “মই ভাবো প্ৰথম জন লোকৰ লৰ চাদোকৰ পুত্ৰ অহীমাচৰ লৰৰ নিচিনা।” ৰজাই ক’লে, “তেওঁ ভাল মানুহ আৰু তেওঁ ভাল সম্বাদ আনিছে।”

অধ্যায়টো চাওক কপি কৰক

7 পৰস্পৰ সংযোগসমূহ  

তেতিয়া প্ৰহৰীয়ে আৰু এজনক লৰি অহা দেখি ৰিঙিয়াই দুৱৰীটোক ক’লে, “চোৱা আৰু এজন অকলে লৰি আহিছে।” তাতে ৰজাই ক’লে, “তেৱোঁ বাতৰি আনিছে।”

তেওঁ এই কথা কৈ থাকোতেই, অবিয়াথৰ পুৰোহিতৰ পুত্ৰ যোনাথন আহি পালে৷ তেতিয়া অদোনিয়াই তেওঁক ক’লে, “সোমাই আহা; কিয়নো তুমি ভাল পুৰুষ আৰু শুভবাৰ্তা আনিছা।”

সেই প্রহৰীজনে পুনৰায় খবৰ দিলে, “সেই বার্তাবাহক জনেও গৈ তেওঁলোকক লগ পালে, কিন্তু তেৱোঁতো এতিয়ালৈকে উভটি অহা নাই। ৰথ চলোৱাটো দেখি ভাব হৈছে নিমচীৰ নাতিয়েক যেহূৱে ৰথ চলাইছে। কিয়নো তেওঁ বলিয়াৰ দৰে ৰথ চলাইছে।”

শস্য দোৱাৰ সময়ত হিমৰ চেঁচা যেনে, বিশ্বাসী বাৰ্ত্তাবাহক পঠোৱা সকলৰ বাবে তেনে; তেওঁ তেওঁৰ মালিকৰ আত্মা সতেজ কৰে;

তৃষ্ণাতুৰ লোকৰ বাবে চেঁচা পানী যেনে, দূৰ দেশৰ পৰা অহা মঙ্গল সম্বাদো তেনে।

যিজন বার্তাবাহকে শুভবাৰ্ত্তা আনে, যিজনে শান্তি প্ৰচাৰ কৰে, যিজনে মঙ্গলৰ শুভবাৰ্ত্তা আনে, যিজনে পৰিত্ৰাণ ঘোষণা কৰে, যিজনে চিয়োনক কয়, “তোমালোকৰ ঈশ্বৰে ৰাজত্ব কৰিছে!” সেই জনৰ চৰণ পৰ্ব্বতৰ ওপৰত কেনে সুন্দৰ!

আৰু পঠোৱা নহ’লে, কোনে ঘোষণা কৰিব? এই বিষয়ে লিখাও আছে, “মঙ্গলৰ শুভবাৰ্তা প্ৰচাৰ কৰা সকলৰ ভৰি কেনে সুন্দৰ!”




আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন